পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাণৰ লগত হৰিকে গামাৰ পাৰি লৈ পলাই আছে; পায়ে পায়ে জালেও খেলি আহিছে। লামাৰ চকিত পড়িল হি। চকিৰ ভিতৰকৈ ৰাখিলে। পাছে আব্দুল বাকো ৰণ কৰ ইসলামে ফুকনলৈ খুঙ্গি পঠালে গেলে আমাৰ হৰিকেত পাচ স প পাব লাগে, আমাক দি পঠাওক। আমাৰে মহাৰাজাবে এহি সে কাৰণে পৃতি হব লাগে। পাছে মহাৰাঙ্গা বোলে আমাৰ মামো গোৰিক ধৰি নিলি, তাক কিয় এড়ি নিদিলি। সৰনাগতক কিয় এড়ি দিম। এই কথা সুনি বঙাল গুচি গল। আৰু বঙ্গালৰ পহুমৰা হেঙ্গাল কুকুৰ আমাৰ পানিলৈ আহিল। বঙ্গালে অনেকঝপে খুঞ্জিলে আমাৰ চকিয়ালে নেদিলে। এই তিনি কথাৰ পৰা বঙ্গালৰে আমাকে পৃতি গোট ভাগিল। পুনৰ্বাৰ যুগ্ধ লাগিল। পাছে দুই কুৰি নাও সাজি লৈ সেক ফৰিদ নবাব ভতাই মামোদ এই দুই, বলিয়ায়ে উজাই গল হৰিকেসক দিম্মিহাল আৰু চামুৰিয়া গড় দখল। ধষোগৈ বুলি। তাকে কল সন্দিকৈ আগ ভেটি কড়ালে; বব নোৱাৰি হকি গল। পাছে আমাৰ তিনটা মানুহ দক্ষিন কোলে অসুৰৰ আলিৰ পৰা ধৰি নিলে। তাৰে দুটা হাজোত কাটি সুলাত দিলে। এটা কুকুৰে পুৱালে। তেৰে খাংলাই চেটিয়াই দিম্মিহাত বালৰ গঢ় মাৰিলে, ১৫৫৪ সক; ঘোড়া পালে নটা, তৰোৱাল চৈধ খন। আৰু হৰি ডেকাএ চামুৰিয়াত গঢ় মাৰিলে। মগল পড়িল। ঘোড় তিনিটা, হিলৈ সতটা, তৰোল দুকুৰি। আৰু যি বঙ্গাল আছিল সি উত্তৰলৈ পাৰ হৈ গল। সেই বেলা চন্দ্ৰনানে গাভৰুখানাৰে দৰ কৰি নেও ফুকন কলে বোলে স্বৰ্গ মহাৰাজাৰ পাৰত সৰনে পন্সিলে। এনায়ে মোক বঙালক ধৰি দিয়ে। তুমি ৰক্ষা কৰা। এই কথা মহাজাত জনাই তাক নিৰ্ভয় দিলে। কপ দিলে এক হাৰ, সুৰৰ টাঙহাৰ, ফড়িয়া এক গোৰ, ৰূপৰ বটা, কাপোৰ দিলে পাচপ, গলিচা এখন,