পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পুৰণি অসম-বুৰঞ্জী
 

ভয়ত থাকি ৰাজাৰ পুত্ৰ নাইকোতে ইন্দ্ৰবংশী ৰাজ লক্ষণে যুক্ত এনে এজন ৰজা পাতিলেনি। তেঞো স্বৰ্গী হল ১৫৯১ শকত। পাচে ইন্দ্ৰবংশত জাত হোঞতা এনে ৰজাসকল হল, নাম মাত্ৰ। মন্ত্ৰী সকলৰ ভেদ বুদ্ধিত থাকি অল্পতে নাশ হল, ১৬০৩ শকত। পিঙ্গটা চক্ষু কেশ আজানুলম্বিত আনো ৰাজ লক্ষণে যুক্ত ইন্দ্ৰ বংশত জাত, এনে একজনে ৰাজা হুই প্ৰাগ্‌জ্যোতিষপুৰ আক্ৰমি ললে, ১৬০৪ শকত। পাচে তেঞো স্বৰ্গী হলত, ১৬১৭ শকত তেঞোৰ পুত্ৰ মহাতেজস্বী শক্তিমন্ত উৎসাহযুক্ত নৃপতিৰ মধ্যত দুৰ্ল্লভ, দানী মানী যশস্বী ৰাজা হল। এঞে পূৰ্ব্ব জন্মত ব্ৰাহ্মণ আছিল। সন্যাসী হৈ মনিকূট পৰ্ব্বতত তপস্যা কৰিছিল, সৌমাৰ পীঠত ৰাজা হুবলৈ, পাচে তেঞে ১৬২৮ শকত হিড়ম্ব দেশক আক্ৰমি ললে। তাত পাচে ১৬২৯ শকত জয়ন্তী দেশ মাৰিলে। পাচে যবনক মাৰিবৰ নিমিত্তে কামৰূপলৈ আহি স্বৰ্গী হল। ১৬৩৬ শকত তেঞোৰ জেষ্ঠ পুত্ৰ ৰাজা হল। মহা তেজস্বী ধৰ্ম্মশীল দুৰ্গা উপাসক। আনো ৰাজ লক্ষণ অনেক আছে। পাচে তেঞো স্বৰ্গী হলত, তান ভ্ৰাতৃ সন্তশীল প্ৰাণীৰ মৰ্ম্মক জানোতা এনে জন ৰজা হল ১৬৬৬ শকত।

আন এক প্ৰকাৰ

 
বশিষ্ঠৰ শাপ। 
 

পূৰ্ব্বে বশিষ্ঠ মুনিএ এই দিখৌ নদীৰ আগাৰিত এক বাৰাণসী তুল্য পবিত্ৰ ক্ষেত্ৰ নিৰ্ম্মাণ কৰিবৰ ইছা কৰিলে। নদীকো বাশিষ্ঠী গঙ্গা নাম দিবলৈ ইছা কৰিলে। নৈৰ উজনি দেশত জলৰ সমীপতে দুই ক্ৰোশ পৰিমাণ স্থানত এক হাজাৰ শালগ্ৰাম পুতিলে। মধ্যতে লক্ষ্মীনাৰায়ণ শালগ্ৰামক পুতিলে। চৌপাশে কুশ তুলসী আমলখী অশ্বত্থ ৰুলে। এই প্ৰকাৰ কৰি পুৰশ্চৰণ কৰিবলৈ