আৰম্ভিলে। পাচে ইন্দ্ৰদেবতাএ বিস্তৰ লোক তৰি স্বৰ্গলৈ যাব হেন জানি মেঘক আজ্ঞা কৰিলে। বৃষ্টি কৰাই নদীকো বঢ়াই বশিষ্ঠকো স্থানকো বুড়াই পূজাৰ সামগ্ৰীকো উটাই নিলে। পাচে বশিষ্ঠে কোপ কৰি ধ্যান কৰি ইন্দ্ৰৰ অকাৰ্য্যক দেখি ইন্দ্ৰক শাপ দিলে বোলে তোৰ ম্লেচ্ছ যোনিত জন্ম হৌক, যাতো দেবতা হই ম্লেচ্ছৰ কৰ্ম্মক আচৰিলি। নদীকো শপিলে বোলে তোৰ তীৰত ম্লেচ্ছ লোক নিবাস কৰিব। তঞি মলমুত্ৰবাহিনী হৈবি, তোৰ তীৰত যি নৰে প্ৰাণ ছাডিব সিও প্ৰেত হৈব। পাচে লক্ষ্মী নাৰায়ণ শালগ্ৰাম যি পুতিছিল, তেঞোকো তুলি আনি বুলিলে, তোক ম্লেচ্ছ ৰাজাগণে গোমাংসেৰে শূকৰৰ মাংসেৰে সুৰাএৰে পূজিব। ম্লেচ্ছ ভাষাএ তোৰ নাম চোং হৈব। ম্লেচ্ছ ৰাজাগণে অতি গোপনি কৰি পূজিব। পাচে এই শাপক শুনি ইন্দ্ৰেও নদী- এও বিস্তৰ স্তুতি কৰি বশিষ্ঠৰ চৰণত পৰি শাপৰ সীমাক প্ৰাৰ্থনা কৰিলে। পাচে মুনি তুষ্ট হুয়া ইন্দ্ৰক বুলিলে, এই ম্লেচ্ছ জাতিৰ নাৰীত বীৰ্য্যাধান কৰি পূৰ্ব্বৱতে স্বৰ্গত থাকিবি, কিন্তু পুত্ৰৰূপে ম্লেচ্ছ শৰীৰক ধৰিবি। নদীক বুলিলে, কলি যুগৰ দশ হাজাৰ বৎসৰ গৈলে তোৰ শাপ গুছিব। এই বুলি বশিষ্ঠে অসন্তোষ কৰি ক্ষেত্ৰ নাপাতি কামৰূপত ভগুৰুৱা নদীৰ তীৰত পৰ্ব্বতৰ মধ্যত আশ্ৰম কৰি থাকিল।
অনন্তৰে ইন্দ্ৰ দেৱতাএ শ্যামা নাম বিদ্যাধৰীক আদেশ কৰিলে, বোলে, হে শ্যামা বশিষ্ঠ মুনিএ মোক মেচ্ছ শৰীৰ ধৰি-* পৰ্ব্বত চেংতাম্ নাম নড়া ৰাজাৰ ভাৰ্য্যা হুই থাকাগৈ। মঞি তোমাৰ উদৰত গৰ্ভাধান কৰি পুনৰ্ব্বাৰ স্বৰ্গক আহিম। পুত্ৰ ৰূপে ম্লেচ্ছৰ ৰাজা হুই ৰাজ্যক প্ৰতিপাল কৰিম। পাচে শ্যামা বিদ্যাধৰীয়ে ইন্দ্ৰৰ এই আজ্ঞাক পাই চেংতাম নড়া ৰাজাৰ ঘৰত
পৰম সুন্দৰী পদ্মিণী ভাৰ্য্যা হুই থাকিল। তেঞোৰ নাম হল
* এইখিনিত মূল কিতাপত কিবা ৰৈ গ'ল যেন লাগে।