পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
8
পুৰণি অসম-বুৰঞ্জী
 

ৰাজা হল। পাচে পিতৃ প্ৰতিজ্ঞাক স্মৰি, আজ্ঞাকাৰী প্ৰধান মন্ত্ৰী তিনি জনেৰে মন্ত্ৰণা কৰি প্ৰজাসকলক মিত্ৰ ভাবে বশৱৰ্ত্তী কৰি পিতৃতকৈ অধিক কৰি পৃথিবী আক্ৰমি ললে। তেঞোৰ পুত্ৰ দৈত্য শাস্ত্ৰত পাৰ্গত তিনি পুত্ৰ হল। পিতৃৰ প্ৰতিজ্ঞাক পুত্ৰসকলত কৈ স্বৰ্গী হল। পুত্ৰসকলে পিতৃৰ আজ্ঞা ধৰি স্থানে স্থানে ৰজা হল।

 সেই সকলৰ মধ্যত শ্ৰেষ্ঠ একজন প্ৰখ্যাত গুণ পৌৰুষাদি, আয়ত নেত্ৰ, ৰক্ত পাণিপাদ, সিংহবদ্ধ গ্ৰীবা, মহাভুজ সেই জনে পূৰ্ব্বে হৰক আৰাধন কৰিছিল। ১৪৬৭ শকত ৰাজা হল। ইন্দ্ৰক আৰাধনৰ দ্বাৰা এঞোৰ এক পুত্ৰ জন্মিল মহা- পৰাক্ৰমী। পিতৃ স্বৰ্গী হলত ১৪৮১ শত, ইন্দ্ৰৰৰে যি পুত্ৰ এঞে ৰজা হল। ৰত্নপীঠৰ সৌমাৰকো আক্ৰমি লৈ পুনৰ্ব্বাৰ ৰত্নপীঠতে থাকিল গৈ। পাচে তেঞো স্বৰ্গী হলত, পুত্ৰ মহাপৰাক্ৰমী উদ্যোগী, স্তম্ভন বশীকৰণ ভবিষ্যত কাৰ্য্যকো জানোতা, পিঠি কোখ গল উপস্থত যৰচক্ৰাদি চিহ্ন আছে, আজানুলম্বিত কৰ, হস্ত পাদ চক্ষু ৰক্ত, অনামিকা কনিষ্ঠাঙ্গুলি সমান, আনো ৰাজলক্ষণ অনেক আছে, ১৪৯১ শকত ৰজা হুই ব্ৰহ্মপুত্ৰৰ উত্তৰৰ অবশ অধিকাৰী সকলকো মাৰি সৌমাৰেশ্বৰ হল।

 তেঞোৰ আঠ পুত্ৰ হল। মহাপৰাক্ৰমী, বলৱন্ত। পাচে পিতৃ স্বৰ্গী হলত ১৫৫৯ শকত, আঠ ভ্ৰাতৃৰ মধ্যত সৰ্ব্বগুণে শ্ৰেষ্ঠ ৰাজনীতিত সমুদ্ৰ প্ৰায়, সেই জনে সৌমাৰত ৰাজা হল। পাচে তেঞো স্বৰ্গী হলত ১৫৬৭ শকত, তেঞোৰ পুত্ৰ ৰজা হল। মহা তেজস্বী পণ্ডিত, তেঞে মন্ত্ৰী সকলেৰে আবৃত হই ১৫৭৯ শকত কামৰূপ আক্ৰমি ললে। তাত পাচে ১৫৮১ শকত কাম পীঠক সৌমাৰ পীঠক আক্ৰমি লবৰ নিমিত্তে যবনে আগমন কৰিলে, ১৫৮৩ শকত আক্ৰমি ললেহি। ১৫৮৬ শকত যৰন গলত কিছু দিন থাকি ৰাজা স্বৰ্গী হলত, মন্ত্ৰীসকলে অৰাজক