পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
।৴৹

ইতিহ, ইয়াত আছে সেই গুণে ইতিহাস। আগৰ দিনত আৰ্য্য-বিলাকে সংসাৰৰ যেই সেই ঘটনাকে ইতিহাসত ঠাই নিদি, যিবোৰ ঘটনাক আশ্ৰয় কৰি মানুহক ধৰ্ম্ম, অৰ্থ, কাম আৰু মোক্ষ বিষয়ে শিক্ষা দিব পাৰিছিল সেই বোৰকহে ইতিহাস বুলি ধৰিছিল। অদৃষ্টবাদী ভাৰতীয় আৰ্য্যবিলাকে সংসাৰ চক্ৰৰ সকলো ঘটনাতে পুৰুষকাৰৰ বাহিৰেও দৈবৰ হাত ফটফটীয়াকৈ দেখিবলৈ পাইছিল। তেওঁবিলাকে এখন যুদ্ধৰ জয় পৰাজয়ত, যেনেকৈ সেনাপতিৰ সৈন্য চালনাৰ কৌশল, অস্ত্ৰ শস্ত্ৰৰ বল আৰু সেনা বিলাকৰ শৌৰ্য্যবীৰ্য্যৰ আৱশ্যকতা বুজিছিল, তেনেকৈ শেষ ফলৰ নিমিত্তে সদাই দৈবৰ ওপৰত নিৰ্ভৰ কৰিছিল। তেনেস্থলত তেওঁবিলাকে কিছুমান যুজ বাগৰৰ বিবৰণ আৰু ৰজা কিছুমানৰ নাম লিখি ৰখা, জাতীয় গৌৰবৰ কথা বুলি নভবাতো একো আচৰিত কথা নহয়। এইবোৰ কাৰণৰ নিমিত্তে, প্ৰাচীন ভাৰতত আজি কালি আমি ইতিহাস বা বুৰঞ্জী বুলিলে যি বুজোঁ, তাৰ প্ৰচলন নাছিল।

 আগৰ দিনত অসমীয়া মানুহৰ ভিতৰত বুৰঞ্জী চৰ্চ্চা কৰা এটা শিক্ষাৰ প্ৰধান অঙ্গ আছিল। দেশৰ বুৰঞ্জী ভালকৈ নজনাতো ভাল মানুহৰ পক্ষে অসমীয়া মানুহৰ
বুৰঞ্জী চৰ্চ্চা।
এটা বৰ ডাঙ্গৰ লাজৰ কথা আছিল। প্ৰায় ভদ্ৰলোকৰ ঘৰে ঘৰে বুৰঞ্জী পুথি আছিল। তেওঁ বিলাকে বুৰঞ্জী সাহিত্য ইমান ভাল পাইছিল যে নিজৰ দেশৰ বুৰঞ্জী লিখি বা পঢ়িয়েই ক্ষান্ত নাছিল, ওচৰ চুবুৰীয়া বঙ্গদেশৰ বুৰঞ্জীও লিখিছিল আৰু পঢ়িছিল। লিখকে অসমীয়া ভাষাত লিখা বৰ্দ্ধমানৰ বুৰঞ্জী এখন পাই, তাক প্ৰকাশ কৰিবৰ অভিপ্ৰায়েৰে যত্নেৰে সংগ্ৰহ কৰিছিল কিন্তু বৰ বেজাৰৰ কথা পুথিখন তেওঁৰ হাতৰ পৰা ওলাই গৈ সি আৰু ঘূৰি নাহিল। গৌৰীপুৰৰ ৰজা বাহাদুৰ শ্ৰীযুত প্ৰভাতচন্দ্ৰ বৰুৱাই যেতিয়া তেখেতৰ ৰাজ্যলৈ