সাহিত্যৰ গৌৰৱ কৰিব নোৱাৰে। এই দেশত আহোম ৰাজ্যৰ প্ৰতিষ্ঠা তেৰ শতিকাত হয়। তেতিয়াৰে পৰা এই দেশত ধাৰাবাহিক- ৰূপে ঐতিহাসিক ঘটনাবিলাক লিখি ৰখা দস্তুৰ আৰম্ভ হয়।
আহোম ৰজাবিলাকে অসমীয়া ভাষা গ্ৰহণ কৰাৰ দিনৰে পৰা অসমীয়া সাহিত্যৰ অনেক উপকাৰ সাধন কৰিছিল কিন্তু তাৰ ভিতৰত বুৰঞ্জী সাহিত্যই তেওঁবিলাকৰ প্ৰধান দান।”
আহোম ৰজা বিলাকৰ পূৰ্ব্বে এই দেশ হিন্দু ৰজাৰ তলতীয়া আছিল। হিন্দু ৰজাবিলাকৰ ভিতৰত এই ভাবে বুৰঞ্জী লিখা দস্তুৰ নাছিল। সেই ইতিহাস শিক্ষাবুলিয়েই আগৰ দিনত হিন্দুবিলাকৰ ভিতৰত ইতিহাসৰ শিক্ষা নাছিল বুলি ভাবিলে ডাঙ্গৰ ভুল কৰা হব। তেওঁবিলাকৰ ভিতৰত ‘ইতিহাস’,—শিক্ষাৰ, এটা প্ৰধান অঙ্গ আছিল আৰু তাক পঞ্চম বেদ বুলি ধৰা হৈছিল; যেনে,—
“ঋগ্ যজুঃ সামাথৰ্ব্বাখ্যা বেদাশ্চত্বাৰ উদ্ধৃতাঃ।
ইতিহাসপুৰাণঞ্চ পঞ্চমোবেদ উচ্যতে॥”
ভাগৱত ১।৪।২০
কিন্তু ইতিহাস বা বুৰঞ্জী বুলিলে আমি আজিকালি যি বুজো তেওঁবিলাকে সেইদৰে নুবুজিছিল। তেওঁবিলাকে ইতিহাস বৰ ডাঙ্গৰ অৰ্থত প্ৰয়োগ কৰিছিল। ধৰ্ম্ম, অৰ্থ, কাম, মোক্ষ, এই চাৰিবিধ পুৰুষাৰ্থৰ বিষয়ে উপদেশ দিবৰ নিমিত্তে যিবোৰ পুৰণি কলীয়া কথা ব্যৱহাৰ কৰিছিল, সেইবোৰক হে ইতিহাস বুলি গণ্য কৰিছিল। মহাভাৰতে কয়,
“ধৰ্ম্মাৰ্থকামমোক্ষনামুপদেশ সমন্বিতম্।
পূৰ্ব্ববৃত্তকথাযুক্তমিতিহাসপ্ৰচক্ষ্যতে॥”
ইতিহাস শব্দৰ ধাতুগত অৰ্থয়ো তাকেহে ইঙ্গিত কৰে। ইতিহ+আপ্+ঘঞ্—ইতিহ, মানে পৰম্পৰাগত উপদেশ;