উত্তৰ বঙ্গসাহিত্য সম্মিলনক আহ্বান কৰে, তেতিয়া ৰজা বাহাদুৰে লেখকলৈ কেইখন মান অসমীয়া পুথি প্ৰদৰ্শনৰ নিমিত্তে পঠাবলৈ অনুৰোধ কৰে। লিখকে এই পুথিখনকে ৰজা বাহাদুৰলৈ পঠাইছিল। লিখকে ভাবিছিল যে বঙ্গালী সাহিত্যিক সকলে, অসমীয়া ভাষাত তেওঁবিলাকৰ দেশৰ বুৰঞ্জী দেখি বৰ আনন্দ পাব। কিন্তু কবলৈ লাজ লাগে আৰু বেজাৰ লাগে যে এই মূল্যবান পুথিখনত কোনো বা বঙ্গালী সাহিত্যিকৰ হাত পৰিল। ৰজা বাহাদুৰে লেখকক বৰ দুখেৰে জানিবলৈ দিলে যে পুথিখন প্ৰদৰ্শনীৰ পৰা কোনোবাই হাত কৰিলে। অসমীয়া সাহ্যিতৰ এখন মূল্যবান পুথি এইদৰে লোপ হল।
ইংৰাজী ভাষালৈ History শব্দটো গ্ৰীক ভাষাৰ Histor শব্দৰ পৰা আহিছে; histor মানে ‘জনা’। ইউৰোপত আগৰ দিনত ইতিহাস মানে, ঈশ্বৰৰ পৰা ইতিহাসৰ ক্ৰম-
বিকাশ।সাক্ষাত সম্বন্ধে পোৱা জ্ঞানত ছেৱাই সকলোবিধৰ শিক্ষালব্ধ জ্ঞানকে বুজাইছিল। তাৰ পাচত লিখকে যিবোৰ ঘটনা নিজ চকুৰে দেখি বা নিজে জানি লিখি ৰাখিছিল তেনেবোৰ ঘটনাকহে ইতিহাস বোলা হৈছিল।
তাৰ পাচত আৰু এদোপ আগ বাঢ়ি, নিজে দেখি বা জানি লিখাত বাজেও আন বিশ্বাসযোগ্য মানুহে কোৱা বা লিখা কথাকো ইতিহাস বুলি গণ্য কৰা হৈছিল; আজিকালিৰ বিচাৰমতে, কি ধৰ্ম্ম, কি সমাজ, কি সাহিত্য, কি অৰ্থনীতি, কি ৰাজনীতি, সকলো কথাই ইতিহাসৰ ভিতৰত পৰে। অতিজতে ইতিহাসৰ বিষয় আছিল ৰজাবিলাকৰ বংশাৱলী। তাৰ পাচত ডাঙ্গৰ ডাঙ্গৰ যুদ্ধবিলাকৰ কথাও তাত লিখা হবলৈ ধৰিলে। তাৰ পাচত সন্ধিপতা, চই পেচকচ আদি দিয়াৰ কথাও যোগ কৰা হল, আৰু তাৰ পাচত ওচৰ চুবুৰীয়া জাতিবিলাকৰ লগত ৰাজনৈতিক সম্বন্ধৰ কথাও তাত ঠাই দিয়া হল। কিন্তু এইবোৰ ইতিহাসত ৰজাঘৰীয়া শাসন প্ৰণালীৰ কথা থাকিলেও,