পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯০
পুৰণি অসম-বুৰঞ্জী
 


গুৱাহাটী অধিকাৰগুৱাহাটি ললোহি। এই শুনি ৰাজা বোলে বঙালক যিমান পাৰে খেদি নিয়োক। দুই কটকিকো এখেলৈ দি পঠাওক। এই কথা শুনি টংচু সন্দিকৈয়ে দুৰ্লভক ৰক্ষা কৰো বুলি নাৱত হিলৈ বান্ধি অস্ত্ৰ সন্ত্ৰ সাৱধান হৈ খেদি গল। আনো ফুকন ৰাজখোৱা খেদি গল। গুৱাহাটিত বঙালৰ বস্তু পালে। ঘোড়া পালে ১৪০, বড়কামায়ন হিলৈ ৪০, ক্ষুদ্ৰ হিলৈ ২০০, দুই সত; সক ১৫৮০, এই সকত গুৱাহাটি শলে, আৰু পাৰ ভাণ্ডাৰতো জি বস্তু আচিল সকলো পালে।

ভবনাথ কৰ্জিল
লগত যুঁজ।

তাত পাচে ভবনাথ কাৰ্জি, দুৰ্লভনাবানক নাপাই হাজোত কোঁঠ সি আছে; কাৰ্জি এ বোৰে প্ৰাণনাৰানৰ পদকিয়া দুৰ্লভ নাবানক এৰি দিওক। এইবুলি মানুহ পঠাই খুজিলে। ফুকন বোবে বোলে সৰনাগতক কিয় এৰি দিম। পাচে খুজি নাপাই সি আমালৈ ছিদ্ৰ চায়; আমাৰো আগিয়াছুটিৰ নামে তলতিয়াৰ সোঁতে গৈ ভৱনাথ কাৰ্জিক হাজোত খেদি ধৰিলেগৈ। বৰ দেৱনিয়াও চাপি ধৰিলে। আমাৰ হাজৰিকিয়া, কঁচি হাজৰিকিয়া, পড়িল; আৰু বাৰুৱতি দুটাও পড়িল। লোকজনো কিচু পড়িল। তাত পাচে সাতদিন অন্তৰে জুজে নোৱাৰি ভবনাথ কাৰ্জি ভাগি গল। সক ১৫৮১। পাচে চঁপাগুৰিৰ গঢ় মাৰিলে; দিহিঙ্গিয়া লাপিতি ফুকন, বাদুলি ফুকন, ফুলবৰুয়া, তামদলৈৰ পুতেক, লোক জন সহিতে ভবনাথ কাৰ্জিক খেদি গৈ নাপাইলে। মানাহাৰ পাৰ হুই ৰল; শ্ৰাবণ মাস ১৫৮১।

জয়নাৰায়ণপাছে দেৱতা মানুহ পৰিবৰ সুনি, ফুকন বোৰক দাই ধৰি বেলে ভবনাথক খেদি গৈ নধৰিলি কিয় আৰু বঙালৰ বস্তু মই আদখিনি হে পালো। এই বুলি টংচু সন্দিকৈ, দুৱৰা গোহাঞিৰ পুতেক সদা ডেকাক, কৌপতিয়াক, এই সকলক ৰজাহাটত লোৱা লগাই থব দিলে। সেইবেলা চন্দ্ৰনাবানৰ পুতেক জয়নাবান, বঙালৰ পৰা ভাগি আহি মহাৰাজাৰ ঠাই সৰণাপন্ন