পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অষ্টম অধ্যায়। আলিয়াৰ খ। নবাব পাচে; মিৰ্য্যা হসন; তাৰ পাছে চৈয়দ হসন; তাৰ পাচে চৈয়দ কুতুপ। আকে নাককাটা হুচনো বলে; তাৰ পাচে মিৰ্যানাথুলাৰ দিনত অপৃতি হল। নাথুলা কৰ তুলিবৰ কাৰণ বেহাৰলৈ পিয়দা পাচিছিল। পাচে প্ৰাণ- মিয়ানামূলৰ লগত নাৰানে পিয়াক খেদি পঠালে : সি আহি নবাবত যুজ হোৱাৰ কাৰণ। কলত সুনি থাকিল। পাচে উত্তমৰ বেটা দুলভ- নাবান নাম ললে। তাক সুনি প্ৰাণনাৰান ৰাজা নসহিল, মোৰ সি জিয়ৰিব বা নফৰে বড় নাম কিয় লই! এই বুলি তাক ধৰিবলৈ ভৱনাথ কাৰ্জিক পঠালে। সিয়ো আহি হাজো পালে। আমাৰ ফুকন, ৰাজখোৱা ফাকু যাত্ৰা কৰিবলৈ কলঙত নাৱৰ মাৰ বান্ধিলে। নাথুলা বোলে বেহাৰব পৰাও আমাক খেদি আহিছে; আসামেও দলং বান্ধি ধৰিবলৈ মন কৰিছে। মই কোন দিকি জুজিম। এইবুলি পুতেক জাৰূলক ভৱনাথ কাজিক আগভেটি ধৰিবলৈ পঠাইছিল। বলে নোৱাৰি জালা পলাল। দুলভমান পলাই আহি মহাৰাজাত সবণাপন্ন হল। সেইসময়ত একাদশ, চতুৰ্ভুজ, দুই কটকিক নাথুলাৰ ঠাইক পঠাইচিল। দুই কটকিক ২ খান নাও, নবাবৰৰ জি নাও আছিল সেই সহিতে দক্ষিন কোললৈ ভাগি গল। কটকিএ নাথুলা ভাগি জাবৰ কথা নকলেহি। ৰজাৰ সৰ বৰফুকনে চকিআলৰ মুখে সুৰি জনাই পঠালে; আমি