পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পুৰণি অসম-বুৰঞ্জী
৯১
 

হলহি। ৺দেওতাক বৰজলা আইকুৱৰিব হতে বিয়া দিয়াই বস্তু দ্ৰব্যাদি দি ৰাখিলে। আত পাচে জয়নাৰানক ৰাজা পাতি থলে, ঘিলা বিজয়পুৰত।

 আত পাচে ভবনাথ কাজি মানাহাৰ সিপাৰে আছে। আমাৰ বোৰেও যুত্তি হই খেদি যাব খুজিলে। জয়নাবানে বোলে তোমালোক মানাহাৰ পাৰ হুই যাব নালাগে; ভৱনাথক মই মিল কৰাই দিম। এইবুলি জয়নাৰান আগ হুই গৈল। পাচে ভবনাথক বৰাব নোৱাৰিলে। সি নবৰে দেখি আমাৰো ইপাৰৰ পৰা গুলি মাৰিব ধৰিলে; সিহতেও গুলিয়াব ধৰিলে। পাছে ভবনাথ বলে নোৱৰি ভাগি গল। পাচে মহাৰাজা এই কথা সুনি বোলে ভবনাথ যে ভাগি গল, তাক খেদি নধৰিলি কিয়।

জয়নাৰায়ণ
পলাল

এই দায় ধৰি লাখটকিয়া বড়ুআ, চিৰাইবডা, লাচাম মেওগ এই তিনিক গাহৰি সজাত ভৰাই আনিব দিলে। পাচে ৺দেৱৰ খঙ্গনি পাই বড়ফুকনে জয়নাবানক বোলে। সি যে ঢেকেৰি জাতিএ ভৱনাথক বৰাই দিব খুজিলে, এতিয়া বৰাই দিব কিয় নোৱাৰিলে। এই বুলি তাব তামুলি সনাতনক কাটিলে। এই কথাতে ভই, অপমান পাই জয়নাবান পলাই গল; সক ১৫৮১।

বিজয়পুৰ গড়-
ৰঙ্গামাটি।

পাচে ফুকন বোৰে খেদি গৈ বিজয়পুৰৰ গঢ় মাৰি ললেগৈ। তাত পাছে লোহিত্যৰ উত্তৰে জগিৰি ঘোপা (?) তাৰে নাম ৰঙ্গা মাটি। তাৰ নামে সৰুসোনকোহ। তাৰ নামে বড়সোনকোহ। তাৰ নামে ঘিলা বিজয় পুৰ। তাৰ নামে ধুবুৰি। তাৰ নামে বৰিতলা। লুইতৰ দখিণে শ্ৰীসূৰ্য্য। তাৰ নামে জিঞা পৰ্ব্বত। তাৰ নামে সেবপুৰ পৰ্ব্বত। হাতিচলাতে চকি দি লাপিতি ফুকন আহিল, শ্ৰীসূৰ্য্যত কোঁঠ দি থাকিল। লৌহিত্যৰ উত্তৰে পঞ্চৰতনত কোঠ দি বাদুলি ফুকন থাকিল। বড় ফুকন গুৱাহাটিত থাকিল।