পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বৰগীত

 পুৰণি অসমীয়া সাহিত্য নানা ধৰণৰ গীত-পদ আদিৰ নিমিত্তে বিখ্যাত। কেতবোৰ লৌকিক গাঁত আগৰ দিনৰপৰা মানুহৰ মুখে মুখে নামি আহিছে। সেইবোৰৰ সময় নিৰ্ণয় কৰা টান; কিয়নো ভালেমান ঠাইত সেইবোৰ আধুনিক ভাব আৰু ভাষাৰে সানমিহলি হৈ পৰিছে। আন কেতবোৰক পুৰণি পুথিবোৰে বুকুত সাৱটি ধৰি ৰক্ষা কৰি আহিছে। অসমীয়া ওজা-পালিৰ অনুষ্ঠান মহাপুৰুষ শঙ্কৰদেৱৰ আৱিৰ্ভাবৰ আগৰেপৰাই চলি আহিছিল, কিয়নো তেওঁৰ ধৰ্ম-প্ৰচাৰৰ প্ৰথম অৱস্থাত ওজা পালিৰ অনুষ্ঠানৰ ভিতৰেদি তেওঁৰ পদ-পুথিবোৰৰ সাৰ-ধৰ্ম লোক-সমাজত তেওঁ জনাজাত কৰাইছিল। ওজা-পালিবোৰৰ বৰ প্ৰিয় বেউলা লখিন্দৰ আদিৰ গীতবোৰো বৰ পুৰণি-কলীয়া যেন লাগে। সুকবি নাৰায়ণ আৰু দুৰ্গাবৰৰ বেউলাৰ গীত শঙ্কৰদেৱৰ আগেয়েই ৰচিত হোৱা বুলি ভাবিবৰ কাৰণ থকা যেন লাগে। দুৰ্গাবৰ কবিয়ে ৰামায়ণ পুথিকো গীতৰ আকাৰত ভাঙি উলিয়াইছিল। গীতৰ আকাৰত পুথি লিখা তেতিয়াৰ দিনৰ প্ৰচলিত ৰীতি আছিল। পুৰণি কামৰূপৰ ভাটী অঞ্চলত পীতাম্বৰ নামে কবি এজন আছিল। তেওঁ শঙ্কৰদেৱৰ সমসাময়িক হ’লেও তেওঁৰ প্ৰভাৱৰ বাহিৰত আছিল। তেৱোঁ গীতৰ আকাৰত কাব্য ৰচনা কৰিছিল। তেওঁৰ ‘ঊষা-পৰিণয়’ গীত-কাব্য ছপা হৈ ওলাইছে, কিন্তু গুৰু-চৰিতত উল্লিখিত তেওঁৰ দশমৰ পদ এতিয়াও আৱিষ্কৃত হোৱা নাই।

 ইমানবোৰ গীত-পদ আদিৰ ভিতৰতো শঙ্কৰদেৱ আৰু মাধৱদেৱৰ বৰগীতবোৰে তেতিয়াৰ সাহিত্য আৰু সমাজত এক যুগান্তৰ উপস্থিত কৰিছিল। বৰগীতবোৰৰ ভাব, ভাষা আৰু সুৰ একেবাৰে নতুন ধৰণৰ। আন গীত-পদবোৰ ৰামায়ণ আৰু পুৰাণ আদিক