পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
বৰগীত

আশ্ৰয় কৰি ৰচিত হ’লেও লৌকিক ভাবত বাজে ধৰ্ম আৰু ভক্তিৰ উচ্ছ্বাস সেইবোৰত সমূলি নাই। ঠায়ে ঠায়ে ৰসাল আৰু কবিত্বপূৰ্ণ হ’লেও সেইবোৰ মুখ্যভাৱে লোক-ৰঞ্জনৰ নিমিত্তে ৰচিত হৈছিল। তাৰ ভিতৰত ভালেমান কবিতা প্ৰেম-ৰসাত্মক, কিন্তু সেই প্ৰেম সাধাৰণ নায়ক-নায়িকাৰ কামভাবপূৰ্ণ প্ৰেমহে। শঙ্কৰদেৱ আৰু মাধৱদেৱে গীত আৰু কবিতাক নৱ-প্ৰচাৰিত ভক্তিৰসেৰে অভিষিক্ত কৰি অসমীয়া সাহিত্যক আধ্যাত্মিকতাৰ ওখ ভেটিত থাপনা কৰি ঈশ্বৰাভিমুখী কৰি তুলিলে আৰু লগে লগে মানুহৰ মনকো ওপৰৰ ফালে ঢাল খুৱাবৰ চেষ্টা কৰিলে। সময়ে সময়ে লব্ধপ্ৰতিষ্ঠ পুৰণি কবিসকলৰ পদত নৱ-প্ৰচাৰিত ভক্তিৰসৰ সংযোগ কৰি সেইবোৰক সময়োপযোগী কৰি ৰক্ষা কৰিছে আৰু আন সময়ত বা সাধাৰণ মানুহৰ মন যোগাবলৈ গীত-কবিতা ৰচোঁতা অৰ্বাচীন কবিসকলক তাচ্ছিল্যেৰে উপলুঙা কৰি তলত পেলাইছে। ধৰ্ম আৰু সমাজ- গঠনৰ দৰে সাহিত্য-ক্ষেত্ৰতো এই মহাপুৰুষ দুজনে পূৰ্বৰ গৌৰৱ অক্ষুণ্ণ ৰাখি বৰ্তমানৰ ভেটি শকত কৰি ভৱিষ্যতৰ দুৱাৰ-দলিত থিয় হৈছিল।

 মাধৱ কন্দলি শঙ্কৰদেৱৰ দুপুৰুষ আগৰ কবি। তেওঁৰ ৰচিত ৰামায়ণ ছপা হৈ এতিয়াও অসমীয়াৰ ঘৰে ঘৰে জিলিকি আছে। কিন্তু শঙ্কৰদেৱৰ সময়ত তেওঁৰ ৰচিত ৰামায়ণে ভক্তিৰসাপ্লুত জনসমাজক তৃপ্তি দিব নোৱাৰি তল পৰি যাবলৈ ধৰিছিল যেন লাগে। কিয়নো অনন্ত কন্দলিয়ে নৱ-প্ৰচাৰিত ভক্তি-ধৰ্মক মূল কৰি ৰামায়ণৰ আকৌ এখন নতুন ভাঙনি উলিয়ায়। কিন্তু শঙ্কৰদেৱ আৰু মাধৱদেৱে উত্তৰা আৰু আদি-কাণ্ড যোগ দি পুৰণি কবিৰ মূল ৰামায়ণক অক্ষত ৰাখি সময়োপযোগী কৰি ৰাখিলে। এই বিষয়ে গুৰু-চৰিতত আখ্যান এটি আছে :

 “আৰু মাধৱ কন্দলিৰ কবিতা ৰামায়ণ ঢাকি তুচকৈ গুচাবৰ মন দিলে অনন্ত কন্দলিয়ে। তেহে গুৰুজনত বিপ্ৰে স্বপ্নত শৰণাপন্ন হৈ প্ৰাৰ্থিলে ৰবৰ হেতু। পাছে গুৰুজনে বোলে, বৰাৰ পো,