পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
চোৰ-ধৰা


 দুখন নাটৰেই প্ৰধান ভাৱৰীয়া হৈছে বাল-কৃষ্ণ। আৰু দুয়োখনৰেই প্ৰত্যেক ছত্ৰতেই টেঙৰ কানাইৰ চিত্ৰ বৰ জীৱন্ত হৈ ফুটি ওলাইছে। লৱনু চুৰি কৰি খালে গোৱালিনীৰেই, আৰু শেষত গৈ জগৰো লাগিল গোৱালিনীৰ গাতেই। চোৰ ধৰা গোৱালিনীয়ে বুজাই নাছিল যে, তাই জুইৰ ফিৰিঙতিহে আঁচলেৰে বান্ধি ৰাখিব খুজিছিল। কৃষ্ণই চুৰিত পৰিলত “আপুন হাতক লৱনু গোপীক মুখে মাখিয়ে বোলত : আহে গোপীসব, দেখু, দেখু, আৱৰ সাক্ষীত কমন প্ৰয়োজন? উনিকৰ মুখহি সাক্ষী। শুনি গোপী লাজ পাৱল।” কৃষ্ণৰ চাতুৰীত গোৱালিনীয়েই চুৰুণী হ’ল। ‘পিম্পৰা-গুচুৱা’ নাটতো চোৰ কৃষ্ণৰ জবাব প্ৰায় একেদৰেই—“আহে গোৱালী, তোহো বড়ি নিদাৰুণ হৃদয়, আপুন জিহ্বা ৰাখিতে নপাৰি আপুন গৃহে দধি দুগ্ধ খাৱলি; অৱ ভাতাৰক ভয়ে হামাক অপযশ দেৱস। আমাক ঘৰে লৱনু কে পুছত? খাইবাক নপাই তোহাৰি ঘৰে চুৰি কৰিয়ে লৱনু খাৱলো?” এই গুটীয়া ল’ৰাটোৰ লগত কোনে পাৰে? এবিধ পোৰা পোক আছে, তাক হাতেৰে ধৰিলে কেনেবাকৈ হাতখন পুৰি দিয়ে।

 তথাপি গে৷ৱালীসকলৰ আৰকাল শুনিব নোৱাৰি যদিওবা যশোদাই কৃষ্ণক দুই এবাৰ খিচনি মাত মাতিলে, কানাইৰ ভেমত সকলো তল পৰি গ’ল। ‘আঃ কি নিদাৰুণ-হৃদয়। আপুন পুত্ৰক দায়া নাহি জানত। জগত ঢাকিয়ে লৱনু-চোৰ নাম দেলহ। আৰ হামাক কৰিতে কি ৰহল? অৱ অপমান সহিতে নপাৰি মধুপুৰী পলাৱব, তোহাৰি ভাৱনা চুৰ কৰব। হামাক নপায়া পাছু কান্দি মৰব!”

 এই ঔ বিজলুৱা ল’ৰাটোৰ লগত উপায় দিহা নাই। বান্ধিলেও বান্ধ নাখায়, ধৰিলেও ধৰা নিদিয়ে।

 “হামো আপুনে বন্ধন জৱ নাহি লেহু, তব কি হামাক বান্ধিতে পাৰব? হামো ভকত-বৎসল গুণে ভকতক অধীন।” (দধিমথন)