বাধা-বিঘিনি অতিক্ৰম কৰিব লগাত পৰিল। দুইৰো মনোমালিন্য
পৰ্যন্ত ঘাটছিল; কিন্তু শেষত গৈ য়ুনাৰ পিতৃৰাজ্য পালত ধম-বীৰে
দানৱক বধ কৰি ৰজাক উদ্ধাৰ কৰিলে, আৰু য়ুনা কুমাৰীক বিয়া
কৰাই পিতাকক ঘৰতে এৰি থৈ ধৰ্ম-বীৰ ৰাণীৰ ৰাজধানীলৈ
উলটি আহিল।
বৈষ্ণৱ কৰিবৰ নায়িকায়ো পিতৃ-হন্তা অশ্বকৰ্ণক বধ কৰাই ভীম-অৰ্জুনক শিৱৰ অধিষ্ঠানলৈ লৈ গ’ল। শিৱয়ো এই সুচলতে ভীম-অৰ্জুনৰ হাতে আৰু নানান দৈত্য-দানৱক বধ কৰাই হেমা কুমাৰীক অৰ্জুনত সঁপি দিলে। লৌকিক ৰীতি অনুসাৰে অৰ্জুনে আপত্তি উত্থাপন কৰিলে,
কাৰবা কুঁৱৰী কাৰবা বহাৰী
কাৰবা হুয়াছে নাৰী॥
শঙ্কৰেও নানান শাস্ত্ৰ-যুক্তি অৱতাৰণা কৰি প্ৰমাণ কৰিলে যে, হেমা কুমাৰীক বিয়া কৰাত কোনো দোষ নাই।
বিশেষত হেমা ৰজাৰ কুমাৰী
কেহো বিহা কৰা নাই।
হেমা কুমাৰী বৰ চতুৰ। অৰ্জুনৰ আপত্তিৰ আশঙ্কা কৰিয়েই হ’বলা, চাতুৰী কৰি ভীম-অৰ্জুনক শিৱৰ ওচৰলৈ লৈ গৈছিল।
নক’লেও হ’ব অৰ্জুনে হেমা কুমাৰীক গ্ৰহণ কৰিলে, কিন্তু বনবাসী হোৱাত লগত আনিব নোৱাৰিলে। শঙ্কৰে হেমা কন্যাক মায়াদেৱীৰ ওচৰত ৰাখিবলৈ আদেশ দিলে,
যি কালত ৰজা হোৱে হস্তিনাত
পাণ্ডু পুত্ৰ পঞ্চঞ্জন॥
এহি হেমা কন্যা অৰ্জুন বীৰক
তুমি নিয়া যোগবাহাঁ।
বৈষ্ণৱ কবিৰ উদ্দেশ্য গল্পচ্ছলে ধৰ্ম শিক্ষা দিয়া। কিন্তু সেই বুলি কাব্যৰ সৌন্দৰ্যৰ প্ৰতি একেবাৰে উদাসীন নাছিল। মনোৰম আখ্যানৰ দ্বাৰাই তেওঁলোকে ধৰ্ম-কৰ্ম সকলোৰে চানেকি জলন্ত কৰি তুলিছিল।