পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
হেমা সুন্দৰী


 পৰিয়ালৰ আন আন সকলোৰে পৰিচয় দিলত পাণ্ডৱৰ কৰুণ কাহিনী শুনিয়েই নে দ্ৰৌপদীৰ পৰিচয়ত নিজৰ ভৱিষ্যৎ ভাবিয়ে কুমাৰীৰ চকুলো ওলাল। ইমান বেলি অৰ্জুন নিমাতে আছিল, কিন্তু সুন্দৰীৰ চকুত জেউতী চৰোৱা অশ্ৰু-কণা দেখিয়েই হ’বলা কৰুণা-মিশ্ৰিত অৱজ্ঞা কণ্ঠে মাত লগালে,

কিসক কান্দস অৰে ঘোৰ নিশাচৰী।
কই কথা আমাত ক্ৰন্দন পৰিহৰি॥
আনিয়াছ ঘোৰ মায়া কৰিয়া প্ৰছণ্ড।
দাৰুণ কৰ্মত হুয়া আছ লণ্ডভণ্ড॥

 চকুলো মলচি কুমাৰীয়ে নিজৰ কৰুণ কাহিনী বৰ্ণনা কৰি অলপ আব্‌ দাৰৰ সুৰে ক’লে, “অৱশ্যে যাইতে পাৰা তোৰা দুইজন।” হেমা সুন্দৰীৰ চকুলো, বিপন্ন-উদ্ধাৰ আৰু অৰিষ্টমৰ্দনৰ স্পৃহা নানান কথাত “মনে মনে দুই ভাই গুণিতে লাগিলা।” নক’লেও হ’ব যে অশ্বকৰ্ণৰ লগত ভীম অৰ্জুনৰ বিষম সঙ্ঘৰ্ষ হ’ল আৰু হেমা কুমাৰীৰ সঙ্কেতমতে বৰাহ-মূৰ্তি বিষ্ণুৰপৰা অস্ত্ৰ-শস্ত্ৰ লভি দুয়ো ভায়েকে অসুৰক বধ কৰিলে।

 অসমীয়া বৈষ্ণৱ কবিৰ এই বীৰ-ৰস-মিশ্ৰিত আদিৰসাত্মক কাব্যৰ লগত সমসাময়িক ধৰ্মপ্ৰাণ ইংৰাজ কবি স্পেন্সাৰৰ আখ্যান এটিৰ মূল কথা-বস্তুৰ মিল আছে।

 য়ুনা কুমাৰীয়ে বিপন্ন-উদ্ধাৰ পণ কৰা বীৰসকলৰ অধিনেত্ৰী ৰাণী গ্লোৰিয়ানাৰ আগত আহি গোচৰ দিলে, তেওঁৰ পিতৃৰাজ্য বিকট দানৱ এটাৰ হাতত ছাৰখাৰ হ’ল। বুঢ়া ৰজাই কোনো ৰকমে লোহাৰ গড়ত সোমাই প্ৰাণ ৰক্ষা কৰি আছে। হেজাৰ হেজাৰ বীৰে দানৱৰ লগত যুঁজি প্ৰাণ হেৰুৱাইছে। এতিয়া ৰাণীৰ ওচৰত ভিক্ষা, যেন পুণ্যাত্মা বীৰ এজন পঠাই দানৱৰ হাতৰপৰা ৰাজ্য উদ্ধাৰ কৰে।

 ৰাণীৰ আদেশ মতে ধৰ্মাত্মা বীৰ এজন য়ুনা কুমাৰীৰ লগত ওলাল। বাটত ধৰ্ম-বিদ্বেষী ভ্ৰষ্টাচাৰ মায়াবীসকলৰ হাতত বহুত