পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰকীয়া ভাব

 অলপ অগা-পিছাকৈ অসম আৰু বঙ্গদেশত শঙ্কৰদেৱ আৰু চৈতন্যদেৱৰ শিক্ষা আৰু ব্যক্তিত্বৰ ভিতৰেদি যি দুটি বৈষ্ণৱ মতৰ আন্দোলন জাগি উঠিছিল, সি দুয়ো জাতিৰেই মাজত স্বাধীনভাৱে লুকাই থকা আধ্যাত্মিক চৈতন্যৰ স্ফূৰণ মাথোন। পুৰণি অসমীয়া চৰিত-লেখক সকলে শঙ্কৰ-সূৰ্য আৰু চৈতন্য-চন্দ্ৰ বুলি যি ৰূপক কল্পনা কৰিছে সেই ৰূপকৰ ভিতৰতেই দুয়ো জাতিৰ স্বতন্ত্ৰ বৈষ্ণৱ মতৰ নিগূঢ় তত্ত্ব লুকাই আছে। শঙ্কৰদেৱৰ মতত জ্ঞান-সূৰ্যৰ ভাস্বৎ ৰশ্মি আৰু চৈতন্যদেৱৰ মতত প্ৰেম-চন্দ্ৰৰ মৃদু-কিৰণৰ আধিপত্য বেছি। অসমীয়া বৈষ্ণৱ ধৰ্ম আৰু সাহিত্যত গীতাৰ মত ভাগৱতৰ সহায়েৰে ব্যাখ্যাত হৈছে আৰু গৌড়ীয় বৈষ্ণৱ ধৰ্ম আৰু সাহিত্যত যুগল-উপাসনা মূলক গীত-গোবিন্দৰ মত ভাগৱতৰ সহায়েৰে সজীৱ হৈ উঠিছে। সমসাময়িক ভাৰতৰ যি যি ঠাইত বৈষ্ণৱ আন্দোলন জাগৰিত হৈ উঠিছিল, সেইবোৰত ৰাম বা কৃষ্ণ চৰিত্ৰৰ এক এক ছোৱা উপাসনাৰ কেন্দ্ৰ-স্থান হৈ উঠে, কিন্তু ৰাধা-কৃষ্ণৰ প্ৰেমবাদ গৌড়-বঙ্গদেশতেই প্ৰচলিত হয়।

 হৰিবংশ, বিষ্ণু-পুৰাণ আৰু ভাগৱতেই বিষ্ণু পূজাৰ গৌৰৱ প্ৰতিষ্ঠাপক আৰু শ্ৰীকৃষ্ণক বিষ্ণুৰ অৱতাৰ কল্পনা কৰি পূজা- প্ৰতিপাদক পুৰাণ। এই তিনিওখন পুৰাণতেই কম-বেছি বেলেগ বেলেগকৈ কৃষ্ণৰ শৈশৱৰপৰা আৰম্ভ কৰি সমস্ত জীৱন-বৃত্তান্ত বাণত আছে। কিন্তু কোনোখনতেই ৰাধাদেৱীৰ উল্লেখ নাই।

 যি বৈষ্ণৱ আন্দোলনে সকলো ভাৰতকেই প্লাৱিত কৰি পেলাইছিল, তাৰ মূল উদ্দেশ্য ভক্তিৰ প্ৰাধান্য দেখুওৱা হ'লেও, ই বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ মূলৰপৰা আৱিৰ্ভূত হৈছে। ৰামানুজ আদি আচাৰ্যসকলে বেদান্ত-সুত্ৰক আশ্ৰয় কৰি ভক্তিবাদ