পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
হেমা সুন্দৰী


উশীনৰ ৰজাক বধ কৰি তেওঁৰ ৰাজ্য ল’লে। উশীনৰৰ ষোলজন পুতেকক শিৱে অনুচৰ কৰি লৈ গ’ল আৰু হেমা কন্যাক অশ্বকৰ্ণ ই পালিতা কন্যা স্বৰূপে ৰাখিলে। তেম। সুন্দৰীয়ে মায়া বিদ্য৷ শিকিছিল আৰু মায়াৰ বলত দিশ-বিদিশ ভ্ৰমণ কৰি ফুৰে।

 পঞ্চপাণ্ডৱ বনবাসত থাকোঁতে এদিন ভীম আৰু অৰ্জুন মৃগয়া কৰিবলৈ গৈ পানী বিচাৰি বিচাৰি এটি কুঁৱাৰ ওচৰ পালে। জুমি পানী চাব খোজোঁতে কিবা অপৰূপ সৌন্দৰ্যৰ ছাট এটা আহি চকুত পৰিল। ভালকৈ নিৰীখি চাই কুঁৱাৰ ভিতৰত মণিব পৰা- নোৱাৰা অপ্সৰা মূৰ্তি এটি দেখিলে আৰু চায় মানে তাৰ কান্তি বাঢ়ি যোৱা যেন লাগিব ধৰিলে। সুন্দৰীয়ে মৃদু কটাক্ষ দৃষ্টিৰে কুঁৱাৰপৰ৷ উঠিবলৈ আও-ভাও দেখুৱাব ধৰিলে আৰু ভীম-অৰ্জুনক ওপৰত দেখি তোলাবলৈ, কাবৌ-কাকূতি আৰম্ভ কৰিলে আৰু পণ দিলে, যেয়ে তেওঁক কুঁৱাৰপৰা তুলিব তাকেই তেওঁ পতি বৰণ কৰিব।

 কন্যাই ভাওকৈ মিছাই ক’লে, তাই হেনো হেমা নামে অপেশ্বৰী। গা ধুবলৈ আহোঁতে সখীসকলে ঠেলা মাৰি গাঁতত পেলাই দিছে।

 অৰ্জুন মহাবীৰ হ’লেও স্বভাৱতে মাৰ্জিত ভাব-প্ৰবণ। কুমাৰীৰ ৰূপ আৰু অঙ্গি-ভঙ্গী দেখি তেওঁৰ মন টলিল আৰু তাইক তুলিবলৈ ভীমক অনুৰোধ কৰিলে। হেজাৰ হওক, ভীম হৈছে শাৰীৰিক বলৰ প্ৰতিমূৰ্তিস্বৰূপ। ভাৱ-প্ৰৱণতা তেওঁৰ চৰিত্ৰৰ বিশেষ লক্ষণ নহয়। গাঁতৰ চাৰিওফালে চাই চিন্তি তেওঁৰ অলপ সংশয় হ’ল।

বৃকোদৰে বোলে বাপু বুজন নাযায়।
দেখিয়ো ইহাৰ পৰিবাৰ চিহ্ন নাই॥
কিবা মায়া ৰাক্ষসী আছন্ত হেনভাৱে।
পৰিবাৰ চিহ্ন নেদেখোহোঁ এক ঠাৱে॥

 অৰ্জুনৰ কিন্তু মনে নেমানে। নেদেখিলেতো কথাই নাছিল, কিন্তু দেখি শুনি অৱলা কুমাৰী এজনী এৰি যোৱাটো জানো ভাল হ’ব? দুজনৰ মত-দ্বৈধ লক্ষ্য কৰি কুমাৰীয়ে সৌন্দৰ্যত আৰু বেছি মাদকতা ঢালি দিলে।