পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
পুৰণি অসমীয়া সাহিত্য


দেৱ কি মনুষ্য লাগে যেহি কিছো হৌক।
মোহোৰ মায়াত কোনজন স্থিৰ ৰৌক॥

 শৰীৰৰ কাতৰ ভঙ্গী দেখি আৰু তিৰী-বধ পাতকৰ ভয়ত দুয়ো ভায়েক-ককায়েকে শেষত তুলিবলৈ সন্মত হ’ল। অৰ্জুনে আগবাঢ়ি যোৱাত কুমাৰীয়ে প্ৰলোভনৰ সুৰে মাত দিলে,

যদি আগে ছোটজনে আমাক তোলহ।
ভাতৃ-বধু ভৈলে পাছে কিমতে বিবাহ॥

 অগত্যা ভীমেই আগবাঢ়ি গৈ ধনুৰ মূৰ এটি পেলাই দিলে; কুমাৰীৰ দাৰুণ মায়াৰ বলত ধনুৱে সৈতে ভীম গাঁতৰ মুখলৈ চুঁচৰি গ’ল। অৰ্জুনেও গৈ ধনুত ধৰিলে, কিন্তু মায়াৱিনীয়ে মায়াৰ বলত দুয়োকে গাঁতৰ ভিতৰত সুমুৱাই পাতাললৈ লৈ গ’ল। পাতালত অশ্বকৰ্ণৰ ৰাজ্য পালেগৈ। তাত চন্দ্ৰ-সূৰ্য পৰ্যন্ত নাই, কেৱল

হৰিদ্ৰাৰ বৰ্ণ সিটো থানৰ প্ৰকাশ।

 কন্যাই তেতিয়া অশ্বকৰ্ণৰ সকলো পৰিচয় দি সিহঁতৰ মন বুজিবলৈকে হ’বলা ক’লে, “জীৱনৰ আশা তোৰা নকৰিবা আৰ।” কথা শুনি ভীমৰ খঙত চেতন নাইকিয়া হ’ল। তাইৰ নিচিনা হেজাৰ হেজাৰ ৰাক্ষসী তেওঁ বধ কৰিছে; তাইৰো ভীমৰ হাতত নিস্তাৰ নাই, কেৱল পৃথিৱীলৈ বাট বিচাৰি পোৱাত অলপ কষ্ট হ’ব পাৰে। নিৰ্দোষী প্ৰাণী দুজনৰ অকাৰণ অমঙ্গল চিন্তা কৰি কুমাৰীৰো মনতে অসুখ লাগিল। সিহঁতৰ জাতি-কুলৰ কথা সুধিলে। ভীম গৰ্জি উঠিল,

ভীমে বোলে জানা তই নাৰী অল্পজন
তোৰ আগে কহিবাক কিবা প্ৰয়োজন॥
তথাপিতো তই যেবে পুছিলি বিনয়।
অল্পমান কৰি তোত কহিবো নিশ্চয়॥

 ভীমে বংশ-বৃত্তান্ত কৈ নিজৰ পৰিচয় দিলে,

জানা ভীমসেন মোক ত্ৰিভুৱনে জানি।
বঘাসুৰ বনখান পুৰি আছো ছানি॥