সমললৈ যাওক

পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হেমা সুন্দৰী

 ৰূপক আৰু আখ্যান হিছাপে অসমীয়া বধ কাম্যবোৰৰ দ্ব্যৰ্থকতাৰ বিষয়ে ওপৰত উনুকিয়াই অহা হৈছে। কিন্তু প্ৰত্যেকখনেই ৰূপকতকৈ আখ্যান হিছাপে বেছি মনোৰম আৰু ঠায়ে ঠায়ে কবিয়ে চৰিত্ৰ- অঙ্কনত এনে সূক্ষ্ম তুলিকাস্পৰ্শ দিছে যে, বিস্ময় মানিব লাগে। উদাহৰণ স্বৰূপে কবিবৰ ৰামসৰস্বতীৰ হেমা কুমাৰীৰ উপন্যাস লোৱা যাওক। পুৰণি ৰীতি অনুসাৰে ইয়াক অশ্বকৰ্ণৰ যুদ্ধ বোলে। কিন্তু অশ্বকৰ্ণ-বধ কাব্যৰ ভিতৰুৱা এটি ঘটনা মাথোন আৰু উপন্যাসৰ মধ্যস্থ বিষয় হৈছে হেম৷ চৰিত্ৰ। হেমা চৰিত্ৰৰ লগত ইংৰাজ কবি স্পেন্সাৰৰ য়ুনা সুন্দৰীৰ ভালেখিনি সাদৃশ্য দেখা যায়। প্ৰয়োজন অনুসাৰে সদৃশ অংশবোৰ মিলাই কোৱা যাব।

 পুৰণি কালত উশীনৰ নামে এজন ৰজা আছিল৷ তেওঁ বৰ শিৱ-ভক্ত আছিল আৰু শিৱৰ বৰত বৰ বিক্ৰমশালী হৈ উঠিল। বিশ্বকৰ্মাই নিজেই তেওঁৰ ৰাজধানী সজাই দিলে—“চক্ৰাকাৰ কৰি বিশ্বকৰ্ম্মে তাক, দিলা যেন পুষ্পৰথ” উশীনৰ ৰজাৰ ষোলজন পুত্ৰ আৰু অপেশ্বৰীৰ গৰ্ভত এজনী ছোৱালী হ’ল। ছোৱালীৰ নাম হেমা কুমাৰী। কন্যাৰ মঙ্গলৰ নিমিত্তে ৰজাই শিৱ-পূজা কৰিলত হৰ- গৌৰীয়ে কুমাৰীক বৰ দিলে, “সৰ্ব্ব কালে যুৱা হুয়া থাকিবেক, মোহোক দিলন্ত বৰ।”

 এইদৰে দিনৰ পিছত দিন যাবলৈ ধৰিলে। ইফালে পাতালত দৈত্য সকল বৰ পৰাক্ৰমী হৈ উঠিবলৈ ধৰিলে। দৈত্যৰ অধিনায়ক অশ্বকৰ্ণই শঙ্কৰক তুষ্ট কৰি বৰ ল’লে, যেন চৰাচৰ পৃথিবীকে সি জয় কৰিব পাৰে আৰু কাৰো হাতত তাৰ মৰণ নহয়। জগতৰ ভৱিষ্যত কল্যাণৰ নিমিত্তে শিৱই এইখিনি মাত্ৰ ছিদ্ৰ থ’লে যে, বিষ্ণুৰ নৰনাৰায়ণ অৱতাৰত তাৰ মৃত্যু হ’ব। বৰ-দৃপ্ত অশ্বকৰ্ণই