পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
বধ কাব্য


ভগৱান শঙ্কৰাচাৰ্য সকলো দেশ-বিদেশ পৰ্যটন কৰি বিপক্ষবাদীসকলক পৰাভৱ কৰি নিজ ধৰ্ম-মত জগতত প্ৰচাৰ কৰিছিল। সেই দেখি মাধৱদেৱে গুৰু-ভটিমাত শঙ্কৰদেৱক ঈশ্বৰ অৱতাৰ বুলি মানি স্তুতি কৰাত আন আন অশেষ গুণৰ ভিতৰত শঙ্কৰদেৱৰ বিপক্ষ- পৰাভৱ ক্ষমতাকো ঐশী শক্তিৰ ভিতৰত ধৰি লোৱা হৈছে—

পাষণ্ড মৰ্দ্দন  কলিকো কালে
 জাকো সম নাহি ধীৰ। ( গুৰু-ভটিমা)

 ধৰ্ম-ক্ষেত্ৰত পাপ আৰু পুণ্য পক্ষৰ সংঘৰ্ষ কল্পনা সদায় আছে। পাপ-পক্ষৰ প্ৰতিনিধি স্বৰূপেই খ্ৰীষ্টান ধৰ্ম গ্ৰন্থত ছয়তানৰ সৃষ্টি হয়। আৰু যেতিয়াই য়ুৰোপত ধৰ্ম— বিপ্লৱ হৈছিল, তেতিয়াই অপৰ পক্ষক ছয়তানৰ দ্বাৰা প্ৰণোদিত বুলি পৰিকল্পিত হোৱা দেখা যায়।

 য়ুৰোপৰ মধ্যযুগৰ ৰোমাঞ্চ কাব্যবোৰৰ দানৱ, অসুৰ (goblins, ogres) আদিৰ লগত নাইট বোলা ধৰ্মবীৰসকল ( knights of chivalry ) সংঘৰ্ষ ধৰ্ম-বিপ্লৱ-মূলক। আমাৰ বধ কাব্যবোৰ য়ুৰোপীয় সাহিত্যৰ ৰোমাঞ্চ কাব্যবোৰৰ দৰে সাম্যভাৱ প্ৰৱৰ্তনৰ চেষ্টাৰপৰা উদ্ভুত। হিংসা, দ্বেষ, উৎপীড়ন সকলোকে সমূলে উৎপাটন কৰি জগতত এক ভাব, এক মত, এক ধৰ্ম, এক সমাজ সংগঠন কৰি ধৰ্ম ৰাজ্য- স্থাপনৰ আকাঙ্ক্ষা এইবোৰৰ ভিতৰেদি সজাগ হৈ উঠা দেখা যায়।

 আমাৰ বধ-কাব্যবোৰক আদৰ্শাত্মক হিছাপে ৰোমাঞ্চ কাব্যৰ লগত আৰু পৌৰাণিক হিছাপে গ্ৰীক্ পৌৰাণিক বীৰসকলৰ কাহিনীৰ লগত তুল্যভাৱে ৰিজাব পাৰি। বধ-কাব্যৰ নায়ক ভীম, অৰ্জুন আদিয়ে যেনেকৈ দেৱ-দেৱীৰ সহায়ত দানৱ, অসুৰ আদি বধ কৰি ফুৰিছিল, তেনেকৈ পৌৰাণিক গ্ৰীক্ আখ্যানবোৰতো দেৱ-দেৱীৰ সহায়ত হাৰ্কিউলিছ, থিছীয়াছ্‌, পাৰ্ছীয়াছ্‌, (Hercules, Theseus, Perseus ) আদি বীৰ সকলে নানান বিৰূপ দৈত্য-দানৱ বধ কৰি ফুৰিছিল আৰু বীৰত্বৰ সদৃশ পাৰিতোষিক হিছাপে বৈষ্ণৱ কবিৰ হেমা সুন্দৰীৰ সমকক্ষ আৰিয়াড্‌নী, এণ্ড্ৰোমিডা (Ariadne, Andromeda) আদি সুন্দৰীসকলক লাভ কৰিছিল।