পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
বধ-কাব্য


আদেশ পাই কবিবৰ ৰামসৰস্বতীয়ে নিজে পঁচিশ হেজাৰ আৰু আন আন কবিসকলে তিনি হেজাৰ পদ ৰচনা কৰা বুলি উল্লেখ কৰিছে।

 মহাভাৰতৰ পদ ৰচনা হোৱাত বৈষ্ণৰ মত আৰু তেজাল হৈ উঠিল। আন আন পৰ্ববোৰ প্ৰায়েই মূলৰ সাদৃশ্য ক্ৰমে ভঙা হৈছে, কিন্তু বনপৰ্বতহে ৰামসৰস্বতীয়ে মৌলিক ৰচনা কৌশল আৰু ভক্তি-মাহাত্ম্য দেখুৱাইছে। সেই কাৰণে ঠায়ে ঠায়ে ৰামসৰস্বতীয়ে বনপৰ্বক বৈষ্ণৰ পৰ্বও বুলিছে।

 বৈষ্ণৱ আন্দোলনত ৰামায়ণৰো নতুনকৈ ভাষা-পদ ৰচনা হৈছিল, কিন্তু বৈষ্ণৱ গ্ৰন্থ হিছাপে মহাভাৰতৰ দৰে ৰামায়ণ সমানভাৱে লোকসমাজত প্ৰচাৰ নোহোৱা যেন লাগে। ৰামচন্দ্ৰ ঈশ্বৰ অৱতাৰ হ’লে তেওঁ যে অশেষ দুখ-দুৰ্গতিৰ মাজতো অসাধ্য সাধন কৰি নিজ প্ৰাধান্য স্থাপন কৰিব, তাত আচৰিত হ'ব লগীয়া একো নাই। কিন্তু প্ৰৱল শত্ৰুৰ দ্বাৰা লাঞ্ছিত, ৰাজ্যৰপৰা বিতাড়িত নিঃসহায়, বন্ধুহীন পাণ্ডু-পুত্ৰ সকলে যে বাৰ বছৰ অগম্য বনৰ মাজত সকলো দুখ-দুৰ্গতিৰ মহৌষধি স্বৰূপ হৰি-নাম হৃদয়ত ধাৰণা কৰি সকলো সঙ্কটৰপৰা নিস্তাৰ পাব—এই ভাৱত ভক্ত কবিসকলৰ কল্পনা প্ৰগল্ভ হৈ উঠে।

হৰি-দাস পাণ্ডৱৰ হৰিসে সহায়।
আত অনুশোচ কৰিবাক নুযুৱায়॥
কিছু চিন্তা নাই যাৰ ঈশ্বৰ সমুখ।
বনত থাকন্তে পাণ্ডৱৰ মহাসুখ॥

( দ্বিজ অনিৰুদ্ধ )

 কৌৰৱ-ৰাজসভাত নিলাজ দুঃশাসনে দ্ৰৌপদীক অপমান কৰিবলৈ উপক্ৰম কৰাত একান্ত-শৰণ-পৰিতুষ্ট কৃষ্ণইহে নিস্তাৰৰ পথ দেখুৱাই দিলে। বনত খটাসুৰে দ্ৰৌপদীক লাঞ্ছনা কৰিব খোজাত কৃষ্ণত একান্ত শৰণ মাগিলতহে ৰক্ষাৰ উপায় ওলাল। পাতালত গৈ বিনা অস্ত্ৰে অশ্বকৰ্ণৰ লগত ভীম-অৰ্জুনৰ যুঁজ কৰিব লগা হ’ল,