পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
পুৰণি অসমীয়া সাহিত্য


শঙ্কৰদেৱৰ বিচাৰ হৈ যোৱাৰ পিছত শঙ্কৰদেৱ, ৰামসৰস্বতী, অনন্ত কন্দলি আদি পণ্ডিতসকলেৰে পৰিৱেষ্টিত নৰনাৰায়ণৰ ৰাজসভা পুৰণি কামৰূপ ৰাজ্যৰ নৱৰত্ন সভা যেন হৈ উঠিল। সেই সভাৰ নিৰ্দেশমতেই পুৰুষোত্তম বিদ্যাবাগীশে সংস্কৃত ব্যাকৰণ প্ৰয়োগ ৰত্নমালা লিখে; বকুল কায়স্থই অসমীয়া ভাষাত গণিত-শাস্ত্ৰ লিখে। সেই সভাতেই শঙ্কৰদেৱৰ অনুজ্ঞাক্ৰমে কবিবৰ ৰামসৰস্বতীয়ে বিশাল মহাভাৰত অসমীয়া পদত ভাঙিবলৈ আদেশ পায়। ৰাম সৰস্বতীয়ে নিজেই এই বিষয় বৰ্ণনা কৰিছে—

শ্ৰীমন্ত শঙ্কৰ  আপুনি ঈশ্বৰ
 নৰৰূপে জাত ভৈলা।
তাহাঙ্ক নসহি  ব্ৰাহ্মণসকলে
 ৰাজ আগে খল দিলা॥
আমাৰ জীৱিকা  মান্য ভঙ্গ হৱে
 এহি মনে বৰ ভয়।
এহিসে কাৰণে  ইটো বিপ্ৰসবে
 শঙ্কৰক নসহয়।
হেনয় মহন্ত  নৰনাৰায়ণ
 নৃপতিৰ শ্ৰেষ্ঠতৰ।
আমাৰে আনিয়া  আজ্ঞা কৰিলন্ত
 পদ কৰা ভাৰতৰ॥ ( কুলাচল বধ )
আমাৰ ঘৰত আছে ভাৰত প্ৰশস্ত।
নিয়োক আপোন গৃহে দিলোহো সমস্ত॥
এহি বুলি ৰাজা পাছে বলধি ষোড়াই।
পঠাইলা পুস্তক সৱ আমাসাৰ ঠাই।
খাইবাৰ সকল দ্ৰব্য দিলন্ত অপাৰ।
দাস-দাসী দিলা নাম কৰাইলা আমাৰ॥ ( ভীম-চৰিত )

 এইদৰে ৰাজ-অনুগ্ৰহত অসমীয়া পদত মহাভাৰত ৰচনা কৰিবলৈ