পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
পুৰণি অসমীয়া সাহিত্য


উপায়ৰ সন্ধান দিলে বৰাহ-ৰূপ বিষ্ণু-মূৰ্তিয়ে। জঙ্ঘাসুৰে ভীমক বান্ধি নিলে; মোকলাই দিলে একান্ত ভক্তিত পৰিতুষ্ট কৃষ্ণৰ আদেশত মহাভক্ত পক্ষীৰাজ গৰুড়ে। এইদৰে পদে পদে অসহায় পাণ্ডৱৰ অৱলম্বন কেৱল কৃষ্ণত একান্ত শৰণেই। এইবোৰ কাৰণত ভক্তি- মহাত্ম্য-ব্যঞ্জক হিছাপে মহাভাৰত, বিশেষতঃ বনপৰ্ব বৈষ্ণৱ কবিসকলৰ অতিশয় আদৰৰ বস্তু হৈ উঠিছিল।

 বৈষ্ণৰ সাহিত্যত সংসাৰখনক মহাৰণ্য কল্পনা কৰি মায়া, মোহ আদি প্ৰবৃত্তিবোৰক জালৰ লগত তুলনা কৰি জীৱাত্মাক অৱৰুদ্ধ হৰিণাৰ লগত ৰিজোৱা দেখা যায়।

এ ভৱ গহন বন  আতি মোহ-পাশে ছন্ন
 তাহে হামো হৰিণ বেড়ায়।
ফান্দিলো মায়াৰ পাশে  কাল-ব্যাধে ধায়া আসে
 কাম-ক্ৰোধ-কুত্তা খেদি যায়। (শঙ্কৰদেৱ)

 নানা কষ্ট-প্ৰপীড়িত দৈত্য-দানৱ আদিৰ দ্বাৰা সদায় আক্ৰান্ত বনচাৰী পাণ্ডৱসকলৰ দুখ-কাহিনীত ভক্ত কবিসকলে তাপ-ক্লিষ্ট “ভৱ-গহন” বিচাৰি “মোহ-পাশ-ছন্ন” মানৱ জীৱনৰ প্ৰতিবিম্বহে উপলব্ধি কৰিছিল। পুৰণি কাব্যত পাণ্ডৱৰ বনবাস মানৱ জীৱনৰ সংসাৰ যাত্ৰাৰ ৰূপক মাথোন।

 জগতত সাম্যভাব প্ৰৱৰ্তনৰ চেষ্টাৰ আদৰ্শ সাহিত্য-ক্ষেত্ৰত নানানভাৱে প্ৰকাশ পায়। আৰু সাহিত্য যেতিয়া আধ্যাত্মিক শিক্ষাৰ বাহন-স্বৰূপ হয়, তেতিয়া এই চেষ্টা-নিয়ামক মূল মন্ত্ৰৰ দৰে হয়। দুষ্ট, অমিত্ৰ সকলোকে সংহাৰ কৰি পৃথিৱীত এক ভাব, এক মত প্ৰচলন কৰি সকলোৰে মাজত সমভাৱ এটি বিস্তাৰ কৰিবৰ কল্পনা আদৰ্শ-সাহিত্যত আজন্ম কালৰপৰাই চলি আহিছে।

 হিন্দুৰ দশাৱতাৰৰ কল্পনা পাপক পৰাভৱ কৰি ধৰ্মৰাজ্য সংস্থাপন কৰাৰ সপোনৰ ওপৰত প্ৰতিষ্ঠিত। অধৰ্ম-দলন অৱতাৰবাদৰ যে কি নিত্য-নৈমিত্তিক অংশ, তাক গীতাৰ “বিনাশায় চ দুষ্কৃতাং” উক্তিৰ পৰাই বুজা যায়। এই প্ৰৱাদ অনুসাৰেই পিছৰ কালতো