পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বধ-কাব্য

 ঘটাসুৰ, বঘাসুৰ, কুলাচল, অশ্বকৰ্ণ, কুৰ্মৱলী, জঙ্ঘাসুৰ, বধ আদি আখ্যানবোৰে পুৰণি সাহিত্যত আজিকালিৰ উপন্যাস, গল্প আদিৰ ঠাই অধিকাৰ কৰি আছে। অসমীয়া গাঁৱলীয়া সমাজত এতিয়াও সেইবোৰৰ প্ৰভূত সমাদৰ। খেতি-বাতিৰ পৰা আজৰি পোৱা সময়ত গাঁৱৰ মানুহে চাক পাতি বহি গোট খাই পুৰণি কালত ধৰ্মাৰণ্যত মুনিসকলে পুৰাণ, ইতিহাস আদি শুনাৰ দৰে এই বধ্‌ কাব্যৰ আখ্যানবোৰ শুনি শৰীৰ আৰু মনৰ দুখ-ভাগৰ পলুৱায়। বৈষ্ণৱ-সাহিত্যই অসমীয়া সামাজিক জীৱনত আজিলৈকে তৰ্কিব নোৱৰাকৈ অপৰূপভাৱে জ্ঞান আৰু আনন্দ দান কৰি আহিছে। সামাজিক জীৱনৰ মানসিক আৰু আধ্যাত্মিক খোৰাক যোগোৱা হিছাপে বৈষ্ণৱ সাহিত্যক সৰ্বাঙ্গীন সাহিত্য বুলিব পাৰি।

 বধ-কাব্যবিলাকৰ আখ্যানবোৰ মহাভাৰতৰ বনপৰ্বক আশ্ৰয় কৰি নানান পুৰাণ, উপপুৰাণ আদিৰপৰা সংগৃহীত। অসমীয়া বৈষ্ণৱ সাহিত্যৰ ভিতৰেদি পাতালী গঙ্গাৰ দৰে দাস্য আৰু বাৎসল্য ৰসৰ মূল ভাব বৈ আছে। বধ-কাব্যবোৰ সকলো ধৰ্মৰেই অন্তনিৰ্হিত আন এটি মজ্জাগত ভাবৰ প্ৰকাশ। সেইটো হৈছে জগতত সাম্যভাব প্ৰৱৰ্তনৰ চেষ্টা আৰু একান্তিকা। ভক্তিৰ বিজয়-ঘোষণা।

 খ্ৰীষ্টীয় ষোড়শ শতিকাত কোচবিহাৰৰ কোচ ৰজাসকলৰ শাসনত পুৰণি কামৰূপ ৰাজ্য অতিশয় সমৃদ্ধিশালী হৈ উঠে। অসমৰ পূৰ্ব খণ্ডত তেতিয়া নৱাগত আহোমসকলে শাসন বিস্তাৰ কৰিব ধৰিছিল। তেওঁলোকৰ সভ্যতা বেলেগ ধৰণৰ আছিল আৰু তেওঁলোকৰ নতুন আচাৰ-বিচাৰত তিষ্ঠিব নোৱাৰি তেতিয়াৰ গণ্য- মান্য পণ্ডিতসকলে শঙ্কৰদেৱৰ লগত নৰনাৰায়ণৰ কামৰূপ ৰাজ্যত আশ্ৰয় লয়। আৰু নৱ-প্ৰৱৰ্তিত বৈষ্ণৱ মতৰ বাবে ৰাজ-সভাত