পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
পুৰণি অসমীয়া সাহিত্য


 বৈষ্ণৱ কবিৰ আখ্যান ইমানতে ওৰ পৰিল। কাব্যৰ নায়ক- নায়িকাসকলৰ চৰিত্ৰ বিশ্লেষণ কৰি দেখুৱাবৰ একো প্ৰয়োজন নাই। প্ৰবন্ধৰ ভিতৰতেই তাৰ উল্লেখ আছে। কাব্যৰ ভিতৰত আধুনিক মনোবিজ্ঞানমূলক কোনো জটিল ভাৱৰ অৱতাৰণা নাই। গোটেই কবিতাটো জোনাকী নিশাৰ আকাশী পৰীৰ লীলা-খেলা যেন লাগে। তাত অসম্পূৰ্ণ বাস্তৱ জীৱনৰ কোনো ছায়া নাই।

 কুমৰ-হৰণৰ উষাৰ সপোন টোপনিত দেখা ৰমণীয় আদৰ্শৰ প্ৰতি হেঁপাহ মাথোন।