পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
কুমৰ হৰণ


 কুমৰ-হৰণ কাব্য়ত কাৰ্তিক আৰু গণেশক লক্ষ্য কৰি নানান হাস্য-ৰসৰ ব্যঞ্জনা কৰা হৈছে। কাৰ্তিক আৰু কামদেৱৰ যুদ্ধ হ’ল। কাৰ্তিকে কামদেৱৰ ফুল-বাণক লক্ষ্য কৰি নিন্দা কৰিলে। কামদেৱৰ উত্তৰ আমাৰ দেশীয় গালিৰ নমুনা। পুতেকে সৈতে আনৰ কাজিয়া লাগিলে, গালি খায় বাপেকে। কামদেৱে শ্লেষ-পুৰ্ণ উত্তৰ দিলে যে, ফুল-বাণৰ পোৰণিতেই কাৰ্তিকৰ বাপেক মহাদেৱে সতীৰ মৰা শ কান্ধত লৈ হেজাৰ বছৰ বলিয়াৰ দৰে ঘূৰি ফুৰিছিল আৰু মন চেঁচা কৰিবলৈ তপস্যা কৰিবলৈ গৈ তপস্যাকো অসাৰ ভাবি শেষত কামদেৱত শৰণ লৈ পাৰ্বতীক বিয়া কৰিহে মনৰ জুৰণি পালে। হৰি! হৰি! এতিয়া পুতেকে আহি ফুল-বাণৰ নিন্দা কৰে।

এহি ধনু-প্ৰসাদে তুমিও ভৈলা জাত।
কিবা সঞ্চা মিছা পুছি চায়োক বাপত॥
হেন পুষ্প-বাণ মোৰ কৰিলিহি বৃথা।
কালি জন্মি উৰ্দ্ধ-পুৰুষৰ কহ কথা॥

 আনফালে সামৰ লগত এন্দুৰ-বাহন পেটাল গণেশৰ যুঁজ। সামে লৰি গৈ এন্দুৰৰপৰা নমাই গণেশক মাটিত চোঁচৰাই টানি নিলে যেন—ছৈ দিয়া বঙালী নাও এখনহে—

ডিঙ্গা নাৱখন যেন আনিলা ঘসাই॥

 যি পঢ়ুৱৈ সমাজক লক্ষ্য কৰি এই হাস্য-ৰসৰ অৱতাৰণা কৰা হৈছে, তাত এতিয়াও এইবোৰৰ বিশেষ সমাদৰ।

 কবিয়ে কাব্যৰ নিৰপেক্ষতা অৱলম্বন কৰি চিত্ৰলেখাক পাহৰা নাই। যুদ্ধৰ অন্তত অনিৰুদ্ধৰ অনুযোগমতে যদু-বীৰ গদলৈ বিয়া দি দ্বাৰকালৈ লৈ গ’ল। ভাগৱতত অনিৰুদ্ধ হৰণৰ পিছত চিত্ৰলেখাৰ কোনো উল্লেখেই নাই। হৰিবংশত যুদ্ধৰ শেষত চিত্ৰলেখাই— সখীসকলক মাত লগাই অন্তৰ্দ্ধান হোৱা বুলি আছে। কিয়নো হৰিবংশমতে চিত্ৰলেখা শাপভ্ৰষ্টা অপ্সৰা। চতুৰা চিত্ৰলেখাক বিবাহ-শাপত মেৰ খোৱা দেখিয়ে কাব্য-ৰস পিপাসুসকলে সন্তোষ পাইছে, তাত কোনো সন্দেহ নাই।