পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
পুৰণি অসমীয়া সাহিত্য

প্ৰেমৰ কথা ৰজাক ভেটিলে। অৱশ্যে সময়ে সময়ে লাভৰ আশাত দাসীয়ে বিশ্বাস-ঘাতকতা কৰা কথা সাধাৰণ শ্ৰেণীৰ নাটক উপন্যাসত পোৱা যায়। কিন্তু ৰমণীয় আদি-ৰসাত্মক কাব্যত এইটো ভালকৈ খাপ খোৱা নাই। মূলৰ কথাটো কাব্য হিছাপে বেছি মনোহৰ। অজানা সুখৰ স্পৰ্শত লাস-বেশকৈ কাপোৰ-কানি নচম্ভালি ঘৰৰ বাহিৰ ওলালত পহৰীসকলে “অলুন কিসলয়ত” নখ-ক্ষত দেখিলে। বেগতিক বুজি চৰিয়াই ৰজাক সম্ভেদ দিলে। অসমীয়া দশমতো এইদৰেই আছে। কুঁজীৰ সৃষ্টি নৱীন কবিৰ কল্পনাৰ চপলতা মাথোন।

 ৰস-কাব্য হিছাপে পিছৰডোখৰত বিশেষ সোন্দৰ্য নাই। কিন্তু কাব্যৰ সম্পূৰ্ণতাৰ বাবে তাৰ বিশেষ দৰকাৰ। বাণৰ সদৃশ-প্ৰতিদ্বন্দ্বী কামনা উষাৰ স্বামী-লাভৰ ভিতৰেদিয়েই ফলোন্মুখী হ’ল। অনিৰুদ্ধক বলদৰ্পী বাণে অন্তেষপুৰত নাগ-পাশেৰে বান্ধি থ’লে। অনিৰুদ্ধ নোহোৱা দেখি দ্বাৰকাত হুলস্থুল লাগিল। দেৱৰ্ষি নাৰদে গৈ অনিৰুদ্ধৰ কথা সবিশেষ নিবেদন কৰিলে। ৰণ-সাজেৰে যদুসেনা শোণিতপুৰ ভৰি পৰিল। কৃষ্ণয়ো ৰণ-ভূমিত নামিল আৰু মহাদেৱে নিজেই বাণৰ পক্ষ লৈ কৃষ্ণৰ লগত যুঁজিলে। ইয়াকেই হৰি-হৰ যুদ্ধ বোলে। বৈষ্ণৱ কবিয়ে এই যুদ্ধৰ দ্বাৰা হৰিৰ সৰ্বশ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিছে। হৰ যুদ্ধত হাৰিল আৰু বাণকো ৰক্ষা কৰিব নোৱাৰিলে। বাণৰ হেজাৰ বাহু কটা গ’ল; থাকিল মাথোন চাৰিখন। কৃষ্ণই বাণক প্ৰাণে নেমাৰিলে; কিয়নো প্ৰহ্লাদক বৰ দিয়া আছিল, তেওঁৰ বংশ বিষ্ণুৰ অবধ্য। বাণ ৰজাই মন্ত্ৰী কুভাণ্ডৰ ওপৰত ৰাজ্য-ভাৰ অৰ্পণ কৰি সশৰীৰে শিৱৰ অনুচৰ হৈ গ’ল।

 যুদ্ধ বৰ্ণনা পুৰণি কাব্যৰ এটি প্ৰয়োজনীয় অংশ আৰু কবিৰ বিশেষ নিপুণতা নেথাকিলে ই প্ৰায় গতানুগতিক হয়। বীৰে বীৰে কৰা সম্বোধন ভৎৰ্সনা-বাক্যবোৰত কেতিয়াবা কেতিয়াবা হাস্য-ৰস বা শ্লেষৰ অৱতাৰণা দেখা যায়।