N পাছিয়ুছ – দুই— দিনৰ পিচত দিন বাগৰি ভালেমান দিন অতিবাহিত হ'ল । এদিন শৰতৰ কোনো এক ৰূপালী নিশা দেৱৰাজ ইন্দ্ৰই ছদ্মবেশ ধাৰণ কৰি সেই বাটেদি ফুৰিবলৈ আহিছিল । চন্দ্ৰৰ পোহৰত চিক্মিকাই থকা দুৰ্গটোলৈ তেওঁৰ চকু পৰাত তাৰ ভিতৰখন চাবৰ কাৰণে বৰ কৌতুহল উপজিল ৷ তেতিয়া ইন্দ্ৰদেৱে সূক্ষ্মশৰীৰ ধাৰণ কৰি দুৰ্গটোৰ ভিতৰলৈ সোমাই গ'ল, আৰু তাত সোমাই থকা ডেনে কুঁৱৰীৰ অপ- ৰূপ ৰূপ-লাৱণ্যত অতিশয় মোহিত হ'ল । পিচত ডেনেৰ মুখৰ পৰা আটাইবোৰ কাহিনী শুনি ইন্দ্ৰৰ মনত দয়া উপজিল আৰু অতি সোনকালে তাৰ এটা সুদিহা কৰিবলৈ অঙ্গীকাৰ কৰিলে। এইদৰে স্বৰ্গাধিপতি ইন্দ্ৰদেৱে ডেনে কুঁৱৰীৰ লগত ভালেমান দিন গোপনে সাক্ষাৎ কৰাৰ ফলত ডেনেৰ গৰ্ভাৱস্থা হয় আৰু যথাসময়ত তেওঁৰ এটি সৰ্ব্ব-সুলক্ষণীয়া পুত্র জন্মে এই পুত্ৰ সন্তানটিৰ নামেই পাৰ্ছিয়ুছ। ক্রমে ক্রমে এই কথা গৈ যেতিয়া ৰজা এক্ৰিছিয়াছৰ কাণত পৰিল, তেতিয়া তেওঁ কেউপিনে বিভীষিকাময় দেখিলে । ভবিষ্যৎ বিপদৰ পৰা হাত সাৰিবৰ কোনে৷ উপায় নেদেখি এইবাৰ তেওঁ দয়া-মমতা-শূন্য হৈ মাক-পুতেক দুয়োকে সৰু ভূৰ এখনত তুলি দি সাগৰত উটুৱাই দিলে৷ - তিনি— বিপদপূর্ণ সাগৰৰ মাজত সহায় সাৰথি বুলিবলৈ
পৃষ্ঠা:পাৰ্ছিয়ুছ্.djvu/৮
অৱয়ব