সমললৈ যাওক

পৃষ্ঠা:পাৰ্ছিয়ুছ্‌.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

PLEASE HANDLE THE BOOK CAREFULLY পাছি য়ু ছ 1 (গ্রীক সাধুকথা) -এক- অতি পুৰণি কালৰ কথা । তেতিয়া গ্ৰীচত এক্রি- চিয়াছ নামেৰে এজন সম্রাট আছিল। তেওঁৰ সতি-সন্ততিৰ ভিতৰত মাথোন একেজনী জীয়েক, নাম ডেনে ৷ কুঁৱৰী সৰুৰে পৰা অতি সুন্দৰী আছিল । 1 ডেনে এদিন এজন প্ৰসিদ্ধ জ্যোতিষীয়ে এক্রিছিয়াছক কৈছিল। যে তেওঁৰ জীয়েক ডেনে কুঁৱৰীৰ গৰ্ভত যি সন্তান হব সেই সন্তানেই তেওঁক বধ কৰি ৰাজ সিংহাসন কাঢ়ি লব। জ্যোতি- ষীৰ এনে আঁহফলা কথা শুনি এক্ৰিছিয়াছৰ হৃদয় হা-হুতা- শেৰে ভৰি পৰিল । তেওঁ এই বিপদৰ পৰা হাত সাৰিবলৈ উপায় বিচাৰিলে ৷ অৱশেষত পাত্ৰ-মন্ত্ৰী সকলৰ লগত আলো- চনা কৰি থিৰাং কৰিলে যে, যদি কোনো উপায়েৰে জীয়ে- কক পুত্রহীনা কৰি ৰাখিব পৰা যায়, তেনেহলে ভবিষ্যতে এই বিপদৰ পৰা হাত সাৰিব পাৰিব । ইয়াকে ভাবি ৰাজ অট্টালিকাৰ কাষতে সুন্দৰকৈ এটি দুর্গ সজালে আৰু তাতে তেওঁৰ জীয়েকক কোনেও নেদেখাকৈ সুমুৱাই ৰাখিলে ।