সমললৈ যাওক

পৃষ্ঠা:পাৰ্ছিয়ুছ্‌.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

8 পাছিয়ুছ ৰাতিয়ে ভাবিবলৈ ধৰিলে। কিন্তু পাৰ্ছিয়ছ লগত থাকিলে তেনে কু-প্রবৃত্তি চৰিতাৰ্থ কৰা অতি দুরূহ ব্যাপাৰ । গতিকে কি উপায়েৰে পাৰ্ছিছক আঁতৰত' ৰাখি মনোৰথ পূৰণ কৰিব তাৰ কাৰণে এটা উপায় চিন্তিবলৈ ধৰিলে । অৱশেষত এটা কামৰ দ্বাৰাই পৰ্ছিয়ুচক চিৰকাললৈ আঁতৰত ৰাখিবলৈ উপায় ভাবি উলিয়ালে। সেই কামটো ইমান দুঃসাহসিক। আৰু বিপদপূর্ণ যে তাক সামাধা কৰিবলৈ যাওঁতে পাৰ্ছিয়ুছ কেতিয়াও উভতি আহিব নোৱাৰে—মৃত্যু নিশ্চয়। ইয়াকে থিৰাং কৰি এদিন তেওঁ পাৰ্ছিয়ুছক মতাই আনি কলে,— “পাৰ্ছিয়ুছ ! প্রজাবোৰৰ মুখেৰে তোমাৰ বীৰত্বৰ কথা শুনি মই বৰ আন- ন্দিত হৈছে৷ ৷ আশাকৰো তোমাৰ এই সুনাম জগত জুৰি বিয়পি পৰিব।” পাৰ্ছিয়ুছে এনে শলাগণি শুনি অতিশয় আনন্দিত হ'ল। তেওঁ কেতিয়াও ভবা নাছিল যে ৰজাই তেওঁক সন্মুখলৈ মাতি নি এই দৰে শলাগিব । সেই দেখি আনন্দত মতলীয়া হৈ ৰজাক কলে, – “মহাৰাজ ! প্ৰজাবোৰৰ মুখেৰে যি শুনিবলৈ পাইছে, প্রকৃতপক্ষে কোনো বীৰত্বপূর্ণ কাৰ্য্য কৰি এতিয়ালৈকে কাৰো ওচৰত মই বীৰ বুলি পৰিচিত হব পৰা নাই ৷ যদি আপোনাৰ প্ৰজাবোৰৰ আগত কেতিয়াবা অস্ত্রবিদ্যা দেখুৱাই অলপ সুনাম আর্জ্জন কৰিছো, মোৰ মনেৰে সি অতি সামান্য । তথাপিও আপুনি অতিকৈ শলগা বাবে মই বৰ আনন্দিত আৰু উৎসাহিত হৈছো।” পলিডেকটিছ :-অৱশ্যে পাৰ্ছিয়ুছ, তুমি নিজকে এজন