পাছিয়ুছ বীৰ বুলি নেভাৰিলেও মই কিন্তু তোমাৰ চেহেৰা-পাতি দেখি এজন বীৰ বুলি ভাবিবলৈ বাধ্য হৈছো । সেইদেখি এটা বৰ টান কাম তোমাৰ হতুৱাই কৰোৱাবলৈ বুলি আজি তোমাক মতাই আনিছো । পাৰ্ছিয়ুছ :–কি কামৰ কাৰণে মহাৰাজ ? - পলিডেকুটিছ :—কামটো এই,—চুলিৰ সলনি বিষাক্ত সাপেৰে কেৰমেৰাই থকা মূৰেৰে কোনো এঠাইত মেডুছা নামেৰে এজনী ‘গৰ্গন’ আছে । সেই গর্গন জনী বিচাৰি মূৰটো৷ কাটি আনি দিব পৰা বীৰ এজন আজিলৈকে নোলাল । যদি তুমি কোনো উপায়েৰে সেই কাৰ্য্য সমাধা কৰি তাইৰ মূৰটো মোৰ হাতত দিব পাৰা, তেনেহলে তাৰ বাবে একলাখ সোণৰ মোহৰ পুৰস্কাৰ পাবা । মোৰ বোধেৰে বীৰত্বপূৰ্ণ এই কাৰ্য্যটো কৰি দেশজুৰি সুনাম লভিবলৈ পিচ হোঁহোক৷ নেমাৰিবা । কোমলমতি পাৰ্ছিয়ুছে ৰজা পলিডেক্টিছৰ চাটুকাৰী কথা কেই আষাৰৰ অৰ্থ বুজিব নোৱাৰিলে । তেওঁ ৰজাৰ সেই চাটু- কাৰী কথাতে পতিয়ন গৈ কবলৈ ধৰিলে, – “মহাৰাজ ! - মেডুছাৰ বিষয়ে একো নেজানিলেও মই তাক সামাধা কৰিবলৈ গাত ললো । সেই উপলক্ষে মেডুছাক বিচাৰি আজিয়েই মই ৰাওনা তম। যদি কোনো কাৰণবশতঃ অহাত পলম হয়, তেনেহলে অনুগ্ৰহ কৰি আপুনি মোৰ আইৰ ফালে অলপ মন কৰিব ।
পৃষ্ঠা:পাৰ্ছিয়ুছ্.djvu/১১
অৱয়ব