লৈকে তাক নিসংশয় ৰূপে নিশ্চয় কৰিব পৰা নাই। আগষ্ট মাহৰ ১০ আৰু নৱেম্বৰ মাহৰ ১৩ দিনৰ ৰাতি বহু পপীয়া-তৰা দেখা যায়। ইং. ১৮৩৮ শঁকৰ ১৩ নৱেম্বৰ ৰাতি জৰ্ন্মানী দেশত এজেহাৰ দুটা পপীয়া তৰা দেখা গৈছিল। ইংৰাজী ১৮৩৯ শঁকৰ ৮ চেপ্টেম্বৰৰ ৰাতি লণ্ডন নগৰৰ উত্তৰ ফালে আকাশৰপৰা ইমান পপীয়া-তৰা খহি পৰিছিল যে, সেইবিলাকৰ দীপ্তিৰ দ্বাৰা গোটেই খন নগৰ দিনৰ দৰে পোহৰ হৈছিল, আৰু জুই লাগিছে বুলি হাজাৰ হাজাৰ মানুহে সেই ফাললৈ লৰ দিছিল, আৰু জুই নুমোৱা যন্ত্ৰকো তালৈ নিয়া হৈছিল। এই আচৰিত দৃষ্টি দুই ঘণ্টা-মান থাকি অদৃষ্ট হল। কিন্তু তাৰ দ্বাৰা কাৰো অনিষ্ট নহল। এনে ঘটনাক ইংৰাজীত “উল্কা-বৃষ্টি” বোলা যায়।
নেজাল-তৰা। নেজাল-তৰা আমাৰ দেশৰ সকলো লোকে দেখিছে; কিন্তু তাৰ স্বভাৱ নজনাৰ নিমিত্তে তাক উৎপতীয়া বুলি ভাবে। স্বৰূপাৰ্থত নেজাল তৰা পৃথিবীৰ পৰা বৰ দূৰ; এতেকে সি কেতিয়াও চন্দ্ৰসূৰ্য্যৰ দৰে পৃথিবীৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নাৱাৰে। তাৰ নেজ পাতল, ভাপময় বস্তু আৰু সূৰ্য্যৰ দিপ্তিৰে প্ৰকাশিত হয়। সি হাঁহ-কণীৰ আকৃতিৰ বাটে দি সূৰ্য্যৰ চাৰিও ফালে ঘূৰে। তাৰ মূৰ সূৰ্য্যৰ ফালে, আৰু নেজ তাৰ বিপৰীত ফালে থাকে। এইৰূপে ঘূৰোঁতে সি কেতিয়াবা সূৰ্য্যৰ ওচৰ চাপে আৰু কেতিয়াবা বহুত দূৰলৈ যায়। নেজাল-তৰা অনেক আছে, আৰু সিহঁতৰ বেগো বৰ প্ৰখৰ। কিন্তু সিহঁত পৃথিবীৰ পৰা বৰ দূৰ হোৱাত কোনোটোক, যি ঠাইত সি ওলায়, পুনৰায় সেই ঠাই পাবলৈ ৭৬ বছৰ মান লাগে;