সমললৈ যাওক

পৃষ্ঠা:পাঠ-মালা.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
পাঠ-মালা।

সেই আবেদন আদৰেৰে লৈ আপোনাৰ ৰিপোৰ্টৰ লগত ছপাই গৱৰ্ণমেণ্টলৈ পঠাইছিল। কিন্তু ৰিপোৰ্টলৈ গৱৰ্ণমেন্টে আওকাণ কৰাত ফুকনৰ আবেদনৰ একো ফল হল।

১১ পাঠ।
স্বভাৱৰ আচাৰত দৰ্শন
(The wonderful penomena of nature.)

 পীয়া-তৰা। ৰাতি আকাশৰ এঠাইৰ পৰা উৰি আন এঠাইত মাৰ যোৱা যেন যি এটা দীপ্তি দেখা যায়, তাৰ নাম পপীয়া-তৰা। আমাৰ দেশৰ অনেক লোকে ভাবে হে পুণ্যৱন্ত লোকৰ নিজ পুণ্য অনুসাৰে কিছুকাল সুখভোগ কৰিবলৈ স্বৰ্গলৈ যোৱা আত্মাৰ পুণ্য শেষ হলে পাপ-ভোগ কৰিবৰ নিমিত্তে সি পুনৰায় তললৈ আহে, সেয়ে পপীয়া-তৰা। কিন্তু ই নিচেই মিছা আৰু লৰাৰ নিচিনা ভাৱ। আত্মাক কেৱে দেখা নাই; আৰু যি আত্মাক স্বৰ্গ লৈ উঠোঁতে দেখা নাযায়,সি পুনৰ নামি আহোঁতে নিতৌ গধূলি স্পষ্টৰূপে মানুহৰ চকুত পৰে, এই কথা, অলপমান যাৰ জ্ঞান আছে, সিও পতিয়াব নোৱাৰে। ইংৰাজী পণ্ডিত- বিলাকে ভাবে যে,সি এবিধ ক্ষুদ্ৰ গোলাকাৰ বস্তু, আৰু নিজ গতিৰে সূৰ্য্যৰ চাৰিও ফালে ভ্ৰমে, সেই ভ্ৰমণত পৃথিবীৰ ভেটাভেঁটি হব লগীয়া হলে সি অতি বেগেৰে আকাশত গতি কৰে, তাতে কান্তি অধিককৈ ওলোৱাত তাৰ তিৰবিৰণি মানুহৰ চকুত পাৰে। কিন্তু স্বৰূপাৰ্থত সি নো কি বস্তু বিজ্ঞান জনা পণ্ডিতবিলাকে এতিয়া-