পৃষ্ঠা:পাঠ-মালা.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । আৰু সেই কাৰণেই সিহঁত বৰ ডাঙ্গৰ হোৱাতো নিচেই সৰু দেখা যায়। কোনো-কোনো নেজাল তৰাৰ নেজ বৰ দীঘল। ইং১৮৪৩ শুঁকত যি এটা নেজাল-তৰা ওলাইছিল, তাৰ নেজে এহেজাৰ তিনি শ লাখ মাইলৰ দূৰ ব্যাপিছিল ৷ ইংৰাজী জ্যোতিষীয়া পণ্ডিতবিলাকে কোনো-কোনো নেজাল-তৰাক একো নাম দিছে, আৰু গণনাৰ দ্বাৰ৷ সিহঁতৰ ভ্ৰমণৰ কাল এনেৰূপে স্থিৰ কৰিছে, যে সিহঁত যত ওলায়,তত সিহঁতক আকও কেতিয়া দেখা যায়, তাক নিশ্চয়কৈ কব পাৰে ৷ ১২ পাঠ । স্বভাৱৰ আচৰিত দর্শন (সমাপ্ত) The wonderful phenomena of nature (concluded.) ইন্দ্ৰ ধনু ৷ এই নামেৰে ধেনুৰ নিচিনা যি এটা বিচিত্ৰ আৰু আচৰিত বস্তু আকাশত দেখা যায়, সিকোনো ধেনু নহয় ; আমাৰ কেনেকৈ দেশৰ আগৰ কালৰ মানুহবিলাকে সি নো কি বস্তু, উৎপন্ন হয়, তাক নজানিছিল ; অথচ সি আকাশত ওলায় আৰু ধেনুৰ দৰে বেঁকা, এই কাৰণ তাক ইন্দ্ৰ-দেৱতাৰ ধেনু যেন ভাবি সেই নাম দিছিল। সি পানীৰ ক্ষুদ্ৰ কণিকাবিলাক আকাশত মেঘ হৈ থাকোঁতে সেইবিলাকৰ ওপৰত সূৰ্য্যৰ ৰশ্মি পৰি সূৰ্য্যৰ বিপৰীত ফালে উৎপত্তি হয় । সূৰ্য্যমণ্ডল ঘূৰণীয়৷ ; কিন্তু তাৰ ছায়াৰ দ্বাৰা উৎপত্তি হোৱা বস্তুটো ধেনুৰ দৰে বেঁকা দেখা যায় ; তাৰ কাৰণ এই যে, যি আকাশত সি ওলায়, তাৰ গোটেই ভাগ