পৃষ্ঠা:পাঠ-মালা.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । অসৎ কাৰ্য্যবিলাকক ঘিণ কৰি সেইবোৰৰপৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিছিল, আৰু তাত কৃতকাৰ্য্যও হৈছিল ; সংক্ষেপকৈ কব লাগিলে তেওঁ এজনা অসাধাৰণ মানুহ আছিল। আসামৰ আগৰ কমিশ্যনাৰ কৰ্ণেল হপ্‌কিন্‌সন্ চাহাবে তেওঁৰ কথা এই দৰে লিখিছিল যে, “বঙ্গদেশত ৰামমোহন ৰায় যেনে, আসামত আনন্দৰাম ফুকনে৷ তেনে আছিল ; কিন্তু সেই দুই দেশৰ অৱস্থাৰ প্ৰভেদলৈ, আৰু আনন্দৰাম ফুকনৰ নিজৰ উন্নতিৰ নিমিত্তে যিমান সুচল আছিল, তালৈ চাই তেওঁক ৰামমোহন ৰায়তকৈও অসাধাৰণ লোক বোলে উচিত।” ৮৬ আনন্দৰাম ফুকনে এই দেশৰ উন্নতিৰ কাৰণ বৰ যত্ন কৰিছিল, আৰু তাৰু কোনে৷ প্ৰকাৰে মঙ্গল হলে বৰ ৰং পাইহিল । ডেকা অসমীয়াবিলাকক কোনো হিত উপদেশ দিবৰ সুচল গালে তেওঁৰ মন আনন্দিত হৈছিল। এই পুথি কৰোঁতালৈ এবাৰ এইদৰে লিখিছিল,—“বঙ্গদেশত ‘যুবা বঙ্গালী’ নামেৰে যে এক শ্রেণী মানুহ ওলাইছে, আসামত সিবিলাকৰ দোষ এৰি গুণ-লোৱা কিছুমান লোক এটি অঙ্কুব হোৱা দেখি মোৰ মন আনন্দেৰে পূৰ হৈছে, আৰু এনে আগা হৈছে যে সেই গজালিটি সোনকালে এজুপি উত্তম গছ হব, আৰু সুগন্ধি ফুল আৰু মধুৰ ফলেৰে আসামৰ শোভা আৰু সুখ বঢ়াব।” ইং ১৮৫৩ শুঁকত গৱৰ্ণমেণ্টৰ আজ্ঞাৰে সদৰ আদালতৰ জজ্ মিল্‌চ্ চাহাব আসামৰ অৱস্থা আৰু ৰাজ-কাৰ্য্যৰ বুজ লবলৈ অহাত ফুকনে তেওঁক এই দেশৰ উন্নতিৰ উপায় দেখাই ইংৰাজী ভাষাৰে লিখা এখন বাহুল্য আবেদন দিছিল, আৰু মিল্‌চ চাহাবে