পৃষ্ঠা:পাঠ-মালা.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা ৷ ৩ আষাৰত তেওঁৰ মৃত্যু হয়। তেতিয়া তেওঁৰ বয়স ৩০ বছৰৰ অধিক নাছিল । ৮৫ আনন্দৰাম ফুকনৰ ইংৰাজী আৰু বঙ্গালী ভাষাত প্রগাঢ় ব্যুৎপত্তি আছিল আৰু তেওঁ সংস্কৃতে৷ কিছু জানিছিল। তেওঁৰ উদ্ভাৱিক৷ শক্তিও কম নাছিল সদৰ দেৱানী আদালতৰ ইংৰাজীৰে লিখা নিষ্পত্তিবিলাক দেশী কোনো ভাষাৰে ভঙ্গা নোহোৱাত ইংৰাজী নজনা উকীল মুক্তিয়াৰ বিলাকৰ বৰ অসুচল হৈছিল, ইয়াকে বুজি তেওঁ সেই নিষ্পত্তিবিলাক বঙ্গালী ভাষাৰে ভাঙ্গি কলিকতাত ছপাই প্রকাশিত কৰিবলৈ আৰম্ভ কৰিছিল । তেওঁৰ অৰ্হি লৈ হে বঙ্গালীবিলাকে পাচত সেই কামত হাত দিয়ে। ইয়াত বাজে তেওঁ বঙ্গালী ভাষাৰে এখন আইনৰ পুথি লিখি তাৰ প্ৰথম ভাগ ছপাইছিল, কিন্তু তাকে সম্পূৰ্ণ কৰিবলৈ সময় নেপালে। তেওঁ নিজৰ বুদ্ধি, বিদ্য! আৰু সজ স্বভাৱৰ গুণে সকলোৰে আদৰ পাইছিল, আৰু যিবিলাক পদত নিযুক্ত হৈছিল, সেইবিলাকৰ কাম অতি উত্তমৰূপে কৰাত উচ্চ পদৰ চাহাববিলাকৰ প্ৰিয় হৈছিল, আৰু প্ৰশংসাও লভিছিল। নগাৱঁত থাকোতে তেওঁ অনেক বাৰ সেই জিলাৰ সম্পূৰ্ণ ভাৰ পাইছিল আৰু তেওঁৰ তলে কোনে৷ ইংৰাজী বিষয়া নথকাকৈ অকলৈ কাম চলাইছিল । গৱৰ্ণমেণ্টৰো তেওঁৰ ওপৰত বৰ বিশ্বাস আছিল । ইং ১৮৫৭ শঁকৰ ৰাজবিদ্ৰোহৰ সময়ত গোটেই আসাম দেশত তোলপাৰ লগাতে৷ ভালেমান মাইলৈকে সেই জিলাৰ সম্পূৰ্ণ ভাৰ তেওঁৰ ওপৰত আছিল। তেওঁৰ শোৱা-খোৱা-আদি সকলো কাম নিয়মিত আছিল, আৰু নিৰূপিত সময়ত কৰা হৈছিল।