পৃষ্ঠা:পাঠ-মালা.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1 পাঠ-মালা । এই দেশ ইংৰাজী শাসনৰ অধীৰ হোৱাৰ কিছুকালৰ পাচতেই দেশাধিকাৰসকলৰ ভ্ৰমত ৰাজসভাৰপৰা অসমীয়া গুচাই সকলো কার্য্য বঙ্গালী ভাষাৰে চলাবৰ, আৰু পঢ়াশালিবিলাকতো সেই ভাষ৷ শিকাবৰ নিয়ম হয়। তাতে বঙ্গভাষা ধন আজিবৰ উপায় হোৱাত আমাৰ দেশৰ সকলো লোকে অসমীয়া ভাষালৈ পিঠি দি সেই ভাষাত আদৰ কৰিবলৈ ধৰিলে। কিন্তু আনন্দৰাম ফুকনে দেশী ভাষাৰ উন্নতিৰে সৈতে দেশৰ মানুহৰ উন্নতিৰ যে বৰ সম্পৰ্ক, তাক বুজি এই সময়ৰ পৰা অসমীয়া ভাষাৰ শ্ৰবৃদ্ধি কৰিবলৈ যত্নবান্ হল। ইংৰাজী ১৮৪৩ শঁ কত শিৱসাগৰপৰা ‘অৰুণোদয়’ নামেৰে এখন অসমীয়া সম্বাদপত্র ওলোৱাত তেওঁ সেই কাকতত অসমীয়া ভাষাৰে অনেক সদুপদেশ-পূৰ্ণ ৰচনা লিখি দেশী লোকবিলাকৰ জ্ঞানৰ আৰু অসমীয়া ভাষাৰ উন্নতিৰে৷ চেষ্টা কৰিবলৈ ধৰিলে ; আৰু অনেক সুশিক্ষ৷ আৰু জানিব লগীয়া কথাৰে পৰিপূৰ্ণ “অসমীয়া লৰাৰ মিত্ৰ” নামেৰে দুখন পুথি লিখি প্ৰচাৰিত কৰিলে । এই সময় পর্যন্ত অসমীয়ালৈ সকলোৰে আওহেল৷ অছিল ; কিন্তু এতিয়া তেওঁৰ আৰ্হি লৈ অনেক অসমীয়াই নিজ দেশৰ ভাষাক আদৰ কৰিবলৈ ধৰিলে। অসমীয়া ভাষাৰ উন্নতিৰ নিমিত্তে ফুকন বৰ যত্নবান্ আছিল, আৰু তাৰ হিত আৰু অহিত, দুয়ে৷ পক্ষে সৈতে সেই ভাষাৰ বিষয়ে অনেক বাদানুবাদ কৰিছিল ৷ তেওঁ অসমীয়া ভাষাৰ কেৱল উন্নতিৰ নিমিত্তে চেষ্টা কৰিয়েই ক্ষান্ত নাছিল ; বঙ্গালী ভাষ৷ এই দেশৰ ভাষা নহয়, এতেকে তাৰ সলনি কাছাৰীৰ কামত আৰু পঢ়াশালি- বিলাকত অসমীয়া ভাষা ব্যৱহৃত হোৱা উচিত। এই কথা