পৃষ্ঠা:পাঠ-মালা.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । শ’কত কলিকতালৈ যাত্ৰা কৰিলে আৰু সেই ঠাই পাই তাত থক৷ ‘হিন্দুকলেজ’ নামেৰে সেই সময়ৰ ঘাই বিদ্যালয়ত পঢ়িবলৈ ধৰিলে । তেওঁ তাত তিনি বছৰ মাথোন পঢ়িয়েই নিজৰ ঢোকা বুদ্ধিৰ আৰু কঠিন পৰিশ্ৰমৰ ভাল প্রমান দেৱখালে ; কিয়নো সেই অলপ কালৰ ভিতৰতে তেওঁ ইংৰাজী আদ বঙ্গালী ভাষাত উত্তম ব্যুৎপত্তি লভিলে। কিন্তু সেই পৰিমাণৰ বিদ্যাৰ দ্বাৰা তেওঁৰ সন্তোষ নজন্মাত তেওঁ আৰু কিছুকাল কলিকতাত পঢ়ি হিন্দুকলেজৰ নিচেই ওপৰ শ্ৰেণীৰ মহল। দিবৰ ইচ্ছা কৰিছিল ; এনে সময়তে নানা কাৰণত নিজ দেশলৈ উলটি আহিব লগা হোৱাত সেই বাঞ্ছা সিদ্ধ নহল । 1 উলটি আহি গুৱাহাটী পোৱাৰ পাচত ফুকনে, ইংৰাজী বিদ্যাত সুনিপুণ পাদ্রী ব্লেণ্ড-চাহাবৰ সাহায্যেৰে, পুনৰায় বিদ্যাৰ অভ্যাস কৰিবলৈ ধৰিলে, আৰু ক্ৰমে বিদ্যাত পৰিপক্ক হৈ এজন অসাধাৰণ লোক বুলি প্ৰখ্যাত হল ; এই সময়তে ফুকনৰ বিবাহ হয়। বিয়াৰ পাচত গৃহী হলত বিষয়ৰ চিন্তাই তেওঁৰ মনত ঠাই ললে ; সেই কাৰণে ৰাজকাৰ্য্যৰ উপযুক্ত হবৰ ইচ্ছাৰে তেওঁ আইন অভ্যাস কৰিছিল আৰু মেথি এবং জেন্‌কিঞ্চ চাহাবৰ অনুমতিৰে কাছাৰীত প্রধান সদৰ-আমীনৰ ওচৰত বহি কাৰ্য্য- প্ৰণালী শিকিবলৈ ধৰিলে, আৰু আপোনাৰ বুদ্ধি আৰু পৰিশ্ৰমৰ বলত অলপ কালেতে তেওঁ আইন আৰু কাৰ্য্যৰ নিয়মত পাৰ্গত হল। এতিয়ালৈকে ফুকন ইংৰাজী আৰু বঙ্গালী ভাষা শিকাত আবদ্ধ আছিল, মাতৃ-ভাষাত তেওঁৰ সিমান মন নপৰিছিল। ৮২