৯ পাঠ।
আনন্দৰাম ঢেকীয়াল ফুকন
(Ananda Ram Dhekial Phukan.)
১৭৫১ শঁকৰ ৭ আহিনত আনন্দৰাম ফুকনৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম হলিৰাম ঢেঁকীয়াল ফুকন; তেওঁ লক্ষ্মী- নাৰায়ণ ব্ৰহ্মচাৰীৰ তোলনীয়া পুতেক পৰশুৰাম বৰুৱাৰ সন্তান আছিল, আৰু নিজৰ বিদ্যা-বুদ্ধিৰ গুণে আসাম ৰজাৰ পৰা আদৰ আৰু ডাঙ্গৰ বিষয়ো পাইছিল। তেওঁ আনন্দৰাম ফুকনৰ ৩ বছৰ বয়সতে মৃত্যুৰ নিকট মুখত পৰে। তেওঁৰ পুতেকে কিছু সংস্কৃত শিকি ১৭৫৯ শঁকত গুৱাহাটীৰ ইংৰাজী বিদ্যালয়ত প্ৰবেশ কৰে।
আনন্দৰাম ফুকনৰ দদায়েক যজ্ঞৰাম খাৰঘৰীয়া ফুকনো এজন বিদ্যাৱন্ত আৰু গুণী লোক আছিল। তেওঁৰ জেষ্ঠ হলিৰাম ফুকনৰ পাচতে তেওঁৰো পৰলোক প্ৰাপ্তি হল। আনন্দৰাম ফুকনৰ পিতাক আৰু খুৰাকে সৈতে আসামৰ ওপৰ শ্ৰেণীৰ ইংৰাজী বিষয়াবিলাকৰ ঘাইকৈ কাপ্তান জেন্কিঞ্চ, কমিশ্যনৰ, আৰু তেওঁৰ সহায়ক কাপ্তান মেথি ডেপুটি কমিশ্যনৰ চাহাবৰ বৰ প্ৰীতি থকাত তেওঁৰ পিতাক আৰু দদায়েকৰ মৃত্যুৰ পাচত সেই চাহাব- বিলাকে ফুকনৰ বৰ মৰম কৰিছিল।
ফুকনে কিছুকাল গুৱহাটীত ইংৰাজী পঢ়ি শিক্ষা সাঙ্গ কৰিবৰ কাৰণে কলিকতালৈ যাবৰ ইচ্ছা কৰিলে। সেই কথাত তেওঁৰ মাতৃ প্ৰথমতে অমান্তি হৈছিল। কিন্তু জেন্কিঞ্চ্ আৰু মেথি চাহাবৰ সহায়তাৰে সকলো বাধাবিঘিনি এৰাই ফুকনে ইং ১৮৪১
৬