পৃষ্ঠা:পাঠ-মালা.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । নিমিত্তে বৰ যত্নবান্ আছিল, আৰু সেই ভাষাৰ এখান ব্যাকৰণ প্ৰচাৰিত কৰিছিল । ভাৰতত স্বামীৰ শৱৰ লগত তিৰোতাই চিতাত উঠি প্রাণ এৰাৰ যি ৰীতি আছিল, সি যে অতি নিকৰুণ আৰু নিদারুণ তেওঁ তাক বুজি সেই আচাৰ গুচাবৰ নিমিত্তে বহু পৰিশ্ৰম | কৰিছিল । পাচত সেই সময়ৰ ভাৰতবৰ্ষৰ শাসন-কৰ্ত্তা লর্ড বেন্টিঙ্ক মহোদয়ৰ আজ্ঞাৰে “সহমৰণ নিবাৰক” আইন প্রচলিত হোৱাত তেওঁৰ যত্ন সফল হল। এই আইনত প্রায় গোটেই ভাৰতবৰ্ষৰ হিন্দুবিলাক অসন্তুষ্ট হৈ তাক অন্যথা কবিৰ প্ৰাৰ্থনাৰে বিলাতত থকা ভাৰতবৰ্ষৰ শাসন-কৰ্ত্তাসকলৰ সত্লৈ এখন আবেদন-পত্র পঠাইছিল ৷ তাতে সেই উদ্যোগৰ 1 ৰুদ্ধে যত্ন, আৰু ভাৰতবৰ্ষৰ অন্যান্য হিতৰ চেষ্টা কৰিবৰ ই ছাৰে তেওঁ বিলাতলৈ যাত্ৰা কৰি ইং ১৮৩১ শঁকৰ এপ্রিল মাহত’ সেই ঠাই পালে গৈ। তাত তেওঁ বিদ্যাৱন্ত ধাৰ্ম্মিক আৰু ৰাজ-নীতিজ্ঞ লোকসকলৰপৰা সমানে আদৰ পাইছিল ; আন কি ? ভাৰতৰ সুশাসনৰ কথাত ৰাজমন্ত্ৰীবিলাকেও তেওঁৰে সৈতে আলচ কৰিছিল। বিলাতলৈ গৈ সতী যোৱ৷ নিবাৰণৰ বিষয়ত তেওঁ কৃতকার্য হল হয়; কিন্তু দুৰ্ভগীয়৷ ভাৰতৰ কুদশাৰ গুণে তেওঁ তাৰ অৱস্থাৰ উন্নতিৰ নিমিত্তে আন যিবিলাক যত্ন কৰিছিল, সেই সকলোবিলাক সফল কৰিবলৈ সময় নেপালে ; কিয়নো বৃষ্টল নগৰ চাবলৈ গৈ ইং ১৮৩৩ শ কৰ অক্টোবৰ মাহত তেওঁ মৃত্যুৰ মুখত পৰিল, আৰু যৰপৰা কোনো লোক কেতিয়াও উলটি নাহে, তলৈ গমন কৰিলে।