পৃষ্ঠা:পাঠ-মালা.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা। মৰগ হলহেতেন। এইবিলাক কাৰণৰ নিমিত্তে নাগ-মাটি যে বৰ লাগতিয়াল বস্তু, তাক অনায়াসে বুজিব পাৰি নাগ-মাটিৰ পাচতে চম্বুক এটা বৰ প্ৰয়োজনীয় বস্তু ; কাৰণ চম্বুকে কেৱল লোম আকর্ষণ কৰে মাথোন, এনে নহয়, তাৰ আৰু এটা বৰ ভাল আৰু মানুহৰ উপকাৰী গুণ আছে। চম্বুকৰ এডাল সৰু সলা কৰি লৰ-চৰ কৰিব পৰাকৈ পথালিভাৱে থলে সদায় তাৰ এটা মূৰ দক্ষিণলৈ সমুখ হৈ আনটো মূৰ দক্ষিণলৈ সমুখে হৈ থাকে ; তাৰ এই গুণৰ দ্বাৰা সাগৰত জাহাজ চলোৱা সুকৰ হৈছে। জাহাজত ফুৰোঁতে সাগৰৰ দাঁতি দেখা নেযায়, এই কাৰণ কোন ফালে কোন দিশ তাক নিশ্চয় কৰ৷ টান। চম্বুকৰ এই গুণ জনাৰ আগেয়ে জাহাজত ফুৰোঁতা- বিলাকে দিনত সূর্য্য আৰু ৰাতি কোনো তৰালৈ চাই দিশ নিৰূপণ কৰিছিল ; কিন্তু ডাৱৰীয়া বতৰত সূৰ্য্য আৰু তৰাবিলাক মেঘৰ দ্বাৰা ঢকা হোৱাত অনেক সময়ত দিগ্‌ভ্ৰম হৈ জাহাজ- বিলাকে বাট হেৰুৱাইছিল। পাচত মানুহে চম্বুকৰ দিশনিৰূপণ কৰিব পৰা গুণ জানি দিগ্‌দর্শন-যন্ত্ৰ নিৰ্ম্মান কৰিবৰপৰা হে নাৱৰীয়াবিলাকে নিৰ্ভৰ মনেৰে দিনে ৰাতিয়ে, জাহাজ চলাব পৰা হৈছে। এতেকে নাগ-মাটিৰ দৰে ইও দূৰতাক নাশ কৰি মানুহৰ উপকাৰ সাধিছে। 99