পৃষ্ঠা:পাঠ-মালা.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮ পাঠ । ৰাজা ৰামমোহন ৰায় ( Raja Rammohan Roy) ৰাজা ৰামমোহন ৰায়ৰ নাম আমাৰ দেশৰ অনেক মানুহে শুনিছে ৷ তেওঁ বৰ বুদ্ধিমত্ত আৰু জ্ঞানী লোক আছিল, আৰু ব্ৰাহ্মণৰ ঘৰত উপজিও নিজৰ গুণৰ বলেৰে দেশাধিকাৰৰ পৰা “ৰাজা” উপাধি পাইছিল। ইংৰাজী ১৭৭৬ শঁকত বঙ্গদেশৰ বৰ্দ্ধমান-খণ্ডত ৰামমোহন ৰায়ৰ জন্ম হয়। তেওঁৰ বাপেৰ বৰ নৈষ্ঠিক আছিল, আৰু লৰাকালত তেওঁক সংস্কৃত ভাষা আৰু হিন্দুধৰ্ম্মৰ শিকনি দি সুনিপুণ কৰিছিল ; কিন্তু প্রচলিত হিন্দু-ধৰ্ম্মৰ অনেক মত দেখি সেই বিলাকৰ ভিতৰত কোনটে৷ সত্য, এই বিষয়ত তেওঁৰ মনত বৰ আশঙ্কা হল । এই কাৰণে সত্য বিচাৰিবৰ নিমিত্তে তেওঁ বিদেশলৈ যাবৰ ইচ্ছা কৰিলে ; পাচে বৌদ্ধধর্ম্মত প্রবর্ত্তা তিব্বত দেশলৈ গৈ তাত কিছুকাল থাকি নিজ দেশলৈ উলটি আহিল । ইয়াৰ পাচত মছলমানী ধৰ্ম্মত কি সত্য আছে তাক জানিবৰ নিমিত্তে ব্যগ্ৰ হৈ সেই ধৰ্ম্মৰ ঘাই শাস্ত্ৰ কোৰাণ পঢ়িবলৈ সমর্থ হবৰ বাঞ্ছাৰে তেওঁ আৰী আৰু ফাৰ্চী ভাষ৷ শিকাত নিযুক্ত হল, আৰু অতি শীঘ্ৰে সেই দুয়ো ভাষাত তেওঁৰ পটুতা জন্মিল । এই সময়ত তেওঁ বৰ্দ্ধমান প্ৰদেশৰ ৰাজহৰ কাৰ্য্যৰ ঘাই দেশী বিষয়৷ যদিও অকল এজনা সৃষ্টিকৰ্ত্ত৷ পৰমেশ্বৰত বাজে আন কোনে৷ দেৱ-দেৱী নাই, আৰু সেই বিলাকৰ উপাসনা কৰা অনুচিত, এই কথাত তেওঁৰ দৃঢ় বিশ্বাস আছিল, তথাপি বাপেকৰ মনত অসন্তোষ জন্মাবৰ ভয়ত তেওঁ জীয়াই থাকোঁতে ৰামমোহন হল।