পৃষ্ঠা:পাঠ-মালা.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭ পাঠ ধাতুৰ, আৰু আকৰত জন্ম৷ আন আন বস্তুৰ ব্যৱহাৰ (সমাপ্ত) The use of metals and other mineral substances ( concluded.) আক্ৰত হোৱ৷ আনবিলাক বস্তুৰ ভিতৰত হীৰ৷ বৰ উজ্জ্বল আৰু বহু-মূল্য ; কিন্তু শৰীৰৰ শোভা-বঢ়োৱাত বাজে সি আমাৰ অতি অলপ কামত হে লাগে ; প্রয়োজনলৈ চাই বস্তুৰ মূল্য নিৰূপণ কৰিলে হীৰাতকৈ নাগ-মাটি অধিক মূল্যবান্ হব ; কাৰণ লোৰ দৰে সিও এটা বৰ প্ৰয়োজনীয় বস্তু। সভ্যতাৰ বৃদ্ধিৰ লগে-লগে তাৰ আৱশ্যকে৷ বাঢ়ি গৈছে । এতেকে এতিয়া সুসভ্য দেশবিলাকত নাগ-মাটি বৰ লাগতিয়াল হৈছে। শিল্পকৰ্ম্ম সভ্যতা বঢ়োৱাৰ এটা ঘাই উপায় ; বাষ্পযন্ত্র সেই শিল্পকৰ্ম্মৰ সহায়, নাগমটি নহলে বাষ্প-যন্ত্ৰ চলোৱা টান ; অতএব নাগ- মাটিয়ে মানুহৰ সুখ আৰু সভ্যতা বঢ়োৱাত বহুত সহায়তা কৰিছে ৷ যি ভাপৰ গাড়ী আৰু ভাপৰ জাহাজৰ দ্বাৰা বৰ দূৰণি ঠাইও নিচেই ওচৰ হৈছে, নাগমাটিৰ অভাৱ হোৱা হলে সেই দুইকো সুচাৰুৰূপে চলোৱা টান হলহেঁতেন, অধিক কি ? বিলাতী কাপোৰ যে আমি ইমান সস্তাকৈ পাওঁহঁক, নাগ-মাটি তাৰ ঘাই কাৰণ কিয়নো বিলাত কাপোৰবোৱা যন্ত্ৰ ভাপৰ দ্বাৰা চলোৱা যায় ; নাগ-মাটিয়ে সেই ভাপ উৎপন্ন কৰে ; এতেকে নাগ-মাটি নোহোৱা হলে সেই যন্ত্ৰ চলোৱাত অসুচল হৈ বিলাতী কাপোৰ