পৃষ্ঠা:পাঠ-মালা.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । তাৰ মূল্য সিমান অধিক। সকলোতকৈ সোণ অধিক দুষ্প্রাপ্য, এতেকে সি অধিক মূল্যবান। সোণ, ৰূপ আৰু তাম এই তিন বিধ কেৱল অলঙ্কাৰ গঢ়ি গা-সজোৱাত আৰু লোটা-বাটি গঢ়াত মাথোন ব্যৱহৃত হয় এনে নহয়, ৰজাৰ আজ্ঞাৰে চাকলি কৰি মোহৰ মৰ৷ হলে সিহঁত ধন বা টকা হয়। সেই টকা পৰিবৰ্ত্তনৰ ঘাই উপায়, অর্থাৎ তাক দি আমাৰ আৱশ্যকীয় সকলে৷ বস্তু আমি পাওঁহঁক, এতেকে সিহঁত বৰ লাগতিয়াল ধাতু। কিন্তু ভালকৈ গমি চালে জনা যায় যে, সকলো ধাতুতকৈ লো মানুহৰ অধিক প্রয়োজনীয়, আৰু মানুহৰ উন্নতি আৰু সভ্যতা বঢ়োৱাৰ পৃথিবীৰ সমুদয় বস্তুতকৈ সি অধিকৰূপে সহায় হৈছে। এই একেটা বস্তুৰ দ্বাৰায়ে মানুহে অতি মহৎ আৰু কঠিন কাৰ্য্যকে৷ অনায়াসে কৰে । লো নোহোৱ৷ হলে বীৰৰ বীৰত্ব, শিল্পকাৰকৰ শিল্প-কৌশল, খেতিয়কৰ খেতিৰ উদ্যোগ, এই সকলে৷ নিস্ফল হৈ মানুহ এতিয়াও অসভ্য অৱস্থাতে পৰি থাকিব লাগিলহেঁতেন। লোৰ গুণ মানুহে অতি প্রাচীন কালতে বুজাৰ, আৰু তেতিয়াই তাক নানা কাৰ্য্যত লগোৱাৰ প্ৰমাণ পোৱা যায়। কিন্তু ইমান গুণ থাকোঁতেও সি সোণৰ দৰে চক্‌চকীয়৷ আৰু দুষ্প্রাপ্য নহয় দেখি, তাৰ মূল্য কম ৷ ক্ষুৰ-তৰোৱাল-আদি চোকা অস্ত্ৰবিলাক গঢ়া তীখাও পৰিষ্কাৰ কৰা লো মাথোন। 98