দিনটো থাকে; এই পৰিমাণতকৈ অধিক খালে কষ্ট জন্মে। তাকে খাই পানী খালে ৰাগী প্ৰবল আৰু সিজাই খালে কম হয়।
ডাক্তৰ চেবৰ্ চচাহাবে, তেওঁ লিখা “ভৈষজ্যস্মৃতিতত্ত্ব”,*[১] নামেৰে পুথিত লিখিছে যে, বঙ্গদেশত এজন ইংৰাজে এদিন ৰাতি- পুৱাৰ ভোজনত কাঠ-ফুলাৰ আঞ্জা খাই উন্মতাৰ সম্পূৰ্ণ চিন দেখাইছিল, অনেক চিকিৎসা কৰাত হে ভাল হল। এতেকে কাঠ-ফুলাৰ ব্যৱহাৰত বৰ সাৱধান হোৱা উচিত।
⸻
৬ পাঠ।
ধাতু আৰু আকৰত জন্মা আন বস্তুৰ ব্যৱহাৰ
(The use of metals and other mineral Substances.)
সোণ, ৰূপ, তাম, ৰাং, সীহ, লো, কাঁহ, পিতল, তীখা, এই সকলোবিলাকক ধাতু বোলা যায়। এই বিলাকৰ প্ৰথম ছ-বিধ মূল ধাতু আৰু আকৰত হয়। শেষৰ তিনি বিধ মানুহে কৰা মিশ্ৰিত ধাতু। এই বিলাকক বহু কালৰ আগৰে- পৰ৷ মানুহে নানা কাৰ্য্যত লগাই আহিছে আৰু তদ্দ্বাৰা মানুহ বিলাকৰ সুখ বৃদ্ধিও হৈছে। সিহঁতৰ কোনো বিধ শৰীৰৰ শোভাৰ নিমিত্তে অলঙ্কাৰ গঢ়োৱাত, কোনো বিধ, কাঁহী-বাটি কৰাত আৰু কোনো বিধ দা-কটাৰী-আদি অস্ত্ৰ নিৰ্ম্মাণত ব্যৱহৃত হয়। সেই বিলাকৰ এবিধৰ অভাৱ হোৱা হলেও কিঞ্চিৎ পৰিমাণে আমাৰ সুখ কমিলহেঁতেন। সিহঁতৰ ভিতৰৰ যাক্ যিমান পাবলৈ টান,
*
- ↑ Medical Jurisprudence.