পৃষ্ঠা:পাঠ-মালা.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা। দিনটো থাকে ; এই পৰিমাণতকৈ অধিক খালে কষ্ট জন্মে। তাকে খাই পানী খালে ৰাগী প্ৰবল আৰু সিজাই খালে কম হয়। ডাক্তৰ চেবৰ্চ্চাহাবে, তেওঁ লিখা “ভৈষজ্যস্মৃতিতত্ত্ব”,” । নামেৰে পুথিত লিখিছে যে, বঙ্গদেশত এজন ইংৰাজে এদিন ৰাতি- পুৱাৰ ভোজনত কাঠ-ফুলাৰ আঞ্জা খাই উন্মতাৰ সম্পূৰ্ণ চিন দেখাইছিল, অনেক চিকিৎসা কৰাত হে ভাল হল। এতেকে কাঠ-ফুলাৰ ব্যৱহাৰত বৰ সাৱধান হোৱা উচিত । 98 ৬ পাঠ। ধাতু আৰু আকৰত জন্ম৷ আন বস্তুৰ ব্যৱহাৰ (The use of metals and other mineral Substances.) সোণ, ৰূপ, তাম, ৰাং সীহ, লো, কাঁহ, পিতল, তীখা, এই সকলোবিলাকক ধাতু বোলা যায়। এই বিলাকৰ | প্রথম ছ-ৰিধ মূল ধাতু আৰু আকৰত হয়। শেষৰ তিনি বিধ মানুহে কৰা মিশ্ৰিত ধাতু । এই বিলাকক বহু কালৰ আগৰে- পৰ৷ মানুহে নানা কাৰ্য্যত লগাই আহিছে আৰু তদ্দ্বাৰা মানুহ বিলাকৰ সুখ বৃদ্ধিও হৈছে । সিহঁতৰ কোনো বিধ শৰীৰৰ শোভাৰ নিমিত্তে অলঙ্কাৰ গঢ়োৱাত, কোনো বিধ, কাঁহী-বাটি কৰাত আৰু কোনো বিধ দা-কটাৰী-আদি অস্ত্ৰ নিৰ্ম্মাণত ব্যৱহৃত হয়। সেই বিলাকৰ এবিধৰ অভাৱ হোৱা হলেও কিঞ্চিৎ পৰিমাণে আমাৰ সুখ কমিলহেঁতেন। সিহঁতৰ ভিতৰৰ যাক্ যিমান পাবলৈ টান,

  • Medical Jurisprudence.