৪ পাঠ।
কুঁহিয়াৰ ( The Sugarcane plant. )
নল খাগৰিকে আদি কৰি অসাৰ, গাত গাঁঠি থকা আৰু দীঘল পাতযুক্ত গছবিলাকেই তৃণ। এতেকে কুঁহিয়াৰো তৃণৰ লগতে গণ্য। যি সেই কাপোৰৰ ওপৰত সৰি পৰা গুটিবিলাক ঢাৰিত মেলি শুকাই এডোশ্বৰ গোটা কাঠ বা লোৰে ডলিলে তাৰ ডাঠ বাকলিবিলাক ভাগি কুঁহিয়াৰৰপৰা আমি অতি সোৱাদ আৰু মনোৰম ৰস পাওঁ, আৰু খাই পৰম তৃপ্তি লভোহঁক, সি চাপৰি-হাবিত বা নৈৰ দাঁতিত আপুনি গজা খাগৰিৰে সৈতে একে জাতিৰ গছ। কিন্তু খাগৰিৰ ছাল টান আৰু নীৰস আৰু তাৰ মজ্জাতে৷ একো ৰস নাই; কুঁহিয়াৰৰ ছাল কোমল আৰু ভিতৰৰ ভাগ ৰসাল। তাক সাৰুৱা মাটিত ৰুই ভালকৈ আপডাল কৰিলে পূৰঠ নৌ হওঁতেই নেকাটিলে সি ডাঙ্গৰ আৰু অধিক ৰসাল হয়।
কুঁহিয়াৰ, তাৰ পাত আৰু ফুল-ধৰা আগটোক এৰি, প্ৰায়ে চাৰি হাত-মান দীঘল হয়; কেতিয়াবা তাক ইয়াতকৈও দীঘল হোৱা দেখা যায়। তাৰ গাত অনেক গাঁঠি বা জোৰা থাকে। সেই বোৰৰ পাৰও পাত ওলায়; কিন্তু কুঁহিয়াৰ ডাঙ্গৰ হৈ গলে এই বিলাক পাত সৰি যায়। গাঁঠি বিলাকত পাত থকাই কুঁহিয়াৰ ভাল বা পূৰঠ নোহোৱাৰ চিন। কুঁহিয়াৰ পূৰঠ হলে অলপ হালধীয়া হয়। তেতিয়৷ তাক কাটি কুঁহিয়াৰ শাললৈ নিয়া যায়। সেই শালত চেপিলে তাৰ যি ৰস ওলায়, চেনি