পৃষ্ঠা:পাঠ-মালা.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩ পাঠ। কফি-গছ ( The Coffee plant.) এই বিধ গছৰ ঘাই ঠাই আৰব দেশ। তাৰ গুটি- বিলাকক ভাজি গুড়ি কৰি সেই গুড়ি তপত পানী আৰু গাখীৰ চেনিৰে মিহলাই চাহৰ দৰে খোৱা যায় ৷ তাৰ গুণ তপত ; এতেকে সি তেজৰ তাপ অধিক কৰি জাৰ গুচায় ৷ কফি-গছ প্ৰায়ে পাঁচ হাত মান ওখ হয় ; কিন্তু কেতিয়াৱা তাক আঠ হাত ওখ হোৱাও দেখা যায় ৷ তাৰ গাৰ বেৰ দহ কি পোন্ধৰ আঙ্গুলমান, ছাল ঈষৎ বগা আৰু নিমজ। গোটেই গাৰ পৰা ডাল ওলায় ; আৰু এফালে যি ঠাইত এটা ডাল হয়, সিফালে ঠিক সেই ঠাইতে আন এটা গজে। তাৰ পাতবিলাকো যোৰ-যোৰ, পাতৰ গুৰিৰ পৰা সুগন্ধি বগা ফুল ওলায় ৷ ফুল- বিলাক সৰি গলে গুটিবোৰে দেখা দিয়ে সেইবিলাক প্রথমতে সেউজীয়৷ হৈ থাকে, পাচে পকিলে ৰঙ্গা পৰে। একে জোটাতে দুই, তিনি বা ততোধিক গুটি হয়। প্রত্যেক গুটিত এটা ডাঠ বাকলিৰ ভিতৰত এখান পাতল ছালেৰে ঢকা দুটা শাহ থাকে, সেই দুটাৰে নাম কফি । প্ৰায়ে মেই (বহাগ, জেঠ ) মাহ তাৰ গুটি-সংগ্ৰহৰ কাল। সেই সময়ত তলত কাপোৰ পাতি গছবিলাক জোকাৰি দিয়া যায় ; পাচে সেই কাপোৰৰ ওপৰত সৰি পৰা গুটি- বিলাক ঢাৰিত মেলি শুকাই এডোখৰ গোটা কাঠ বা লোৰে ডলিলে তাৰ ডাঠ বাকলিবিলাক ভাগি যায়। তাৰ পাচত আকও গুটিবোৰ ৰদত দি চালি-ললে সেইবিলাক ব্যৱহাৰৰ উপযুক্ত হয়। ।