পৃষ্ঠা:পাঠ-মালা.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । কৰোঁতাই তাক সীহৰ নলাই দি বোৱাই চেনি-শাললৈ নিয়ে, তাক তাত জকাত পাগি পৰিষ্কাৰ কৰিলে সি চেনি হয় ৷ আমাৰ দেশৰ মানুহে চেনি কৰিব নেজানে, মলিন গুড় পাগি তাকে খায়েই সন্তোষ পায় । १২ ৫ পাঠ। কাঠ-ফুল৷ ( The Mushroom. ) কাঠ-ফুলা এবিধ সোপসুপীয়৷ উদ্ভিদ সি প্রায়ে গছ বা পচা কাঠৰ পৰা উৎপন্ন হয় ; এতেকে সেই নাম পাইছে । তাৰ অনেক উপজাতি আছে । সেই বিলাকৰ কোনো জাতি ৰসাল আৰু সাৰুৱ৷ মাটি বা গোবৰ-আদিতো জন্মে। কোন জাতি কাঠ-ফুলাৰ আকৃতি ঠিক ছাতিৰ নিচিনা, কোনো জাতিৰ মূৰটো গোলাকাৰ, আৰু তাৰ ভিতৰত কিছুমান ধূলি থাকে । কিছুমানৰ ওপৰৰ ভাগ মঠৰ কলচীৰ দৰে অলপ জোঙ্গা। কোনো বিধ ইমান পাতল আৰু মৃদু যে, হাতেৰে ধৰিলেই দ্ৰৱ হৈ যায় । অনেক বৰণৰ কাঠ-ফুলা আছে, কিন্তু সৰহ ভাগ বগা । কাঠ-ফুল৷ অনেক সভ্য আৰু অসভ্য দেশৰ মানুহৰ খাদ্য-বস্তু, আৰু তাৰ কোনো কোনো জাতি খাবলৈ ভাল ; কিন্তু অনেক বিধ বিহ, সেই বিলাক খালে মানুহ বলিয়া হয়। হিন্দুশাস্ত্রে যে কাঠ-ফুলা খাবলৈ মান৷ কৰিছে, অনুমান হয়, তাৰ বিষাক্ত গুণেই সেই নিষেধৰ কাৰণ। আগেয়ে আমাৰ দেশৰ অন্যান্য নীচ জাতিত বাজে আনে তাক ব্যৱহাৰ নকৰিছিল; কিন্তু এতিয়া 1