কৰোঁতাই তাক সীহৰ নলাই দি বোৱাই চেনি-শাললৈ নিয়ে, তাক তাত জকাত পাগি পৰিষ্কাৰ কৰিলে সি চেনি হয়। আমাৰ দেশৰ মানুহে চেনি কৰিব নেজানে, মলিন গুড় পাগি তাকে খায়েই সন্তোষ পায়।
⸻
৫ পাঠ।
কাঠ-ফুলা ( The Mushroom. )
কাঠ-ফুলা এবিধ সোপসুপীয়া উদ্ভিদ সি প্ৰায়ে গছ বা পচা কাঠৰ পৰা উৎপন্ন হয়; এতেকে সেই নাম পাইছে। তাৰ অনেক উপজাতি আছে। সেই বিলাকৰ কোনো জাতি ৰসাল আৰু সাৰুৱ৷ মাটি বা গোবৰ-আদিতো জন্মে। কোন জাতি কাঠ-ফুলাৰ আকৃতি ঠিক ছাতি নিচিনা, কোনো জাতিৰ মূৰটো গোলাকাৰ, আৰু তাৰ ভিতৰত কিছুমান ধূলি থাকে। কিছুমানৰ ওপৰৰ ভাগ মঠৰ কলচীৰ দৰে অলপ জোঙ্গা। কোনো বিধ ইমান পাতল আৰু মৃদু যে, হাতেৰে ধৰিলেই দ্ৰৱ হৈ যায়। অনেক বৰণৰ কাঠ-ফুলা আছে, কিন্তু সৰহ ভাগ বগা।
কাঠ-ফুলা অনেক সভ্য আৰু অসভ্য দেশৰ মানুহৰ খাদ্য-বস্তু, আৰু তাৰ কোনো কোনো জাতি খাবলৈ ভাল; কিন্তু অনেক বিধ বিহ, সেই বিলাক খালে মানুহ বলিয়া হয়। হিন্দুশাস্ত্ৰে যে কাঠ-ফুলা খাবলৈ মান৷ কৰিছে, অনুমান হয়, তাৰ বিষাক্ত গুণেই সেই নিষেধৰ কাৰণ। আগেয়ে আমাৰ দেশৰ অন্যান্য নীচ জাতিত বাজে আনে তাক ব্যৱহাৰ নকৰিছিল; কিন্তু এতিয়া