বহু কাল জীয়াই থাকে। ইয়াৰ প্ৰত্যেক ডালে শিপা মেলে। সেই শিপা প্ৰথমতে সূতাৰ নিচিনা সৰু কিন্তু লাহে-লাহে ডাঙ্গৰ আৰু দীঘল হৈ মাটিত লাগে; পাচে কিছু কালৰ মূৰত সিও এজোপা গছ হৈ ডাল-পাত ধৰে। সেই ডালৰপৰাও আকৌ সেই দৰে শিপা ওলাই সিও গছ হয়। এইৰূপে যেতিয়ালৈকে ই মাটিৰ ৰস পায়, তেতিয়ালৈকে ক্ৰমে বাঢ়ি গৈ থাকে। হিন্দু শাস্ত্ৰৰ মতে ই এবিধ পবিত্ৰ গছ। তাৰ চিৰস্থায়িতা, বহুব্যাপী শাখা- প্ৰশাখা আৰু সূৰ্য্যৰ তাপে ভেদিব নোৱৰা শীতল ছায়াৰ নিমিত্তে, বোধ হয়, পূৰ্ব্ব কালৰ হিন্দুবিলাকে তাক সম্মান কৰিছিল, সেই সম্মান আজিলৈকে গুচা নাই।
হিন্দুস্থানত “কবিৰ-বড়” নামেৰে এজোপা বৰ ডাঙ্গৰ বটগছ আছিল। তাৰ ঘাই গা-গছবিলাকৰ চাৰিও ফালৰ জোখ বাৰ শ বাসত্তৰ হাত আছিল। সেই বিলাকৰ শিপা নধৰা ডালৰোৰে আৰু অনেক দূৰ ব্যাপিছিল এই গছৰ ঘাই গাৰ সংখ্যা তিনিশ পঞ্চাশ আৰু সৰু কিন্তু মাটিতশিপা ধৰা গাৰ লেখ তিনি হেজাৰ তকৈও অধিক আছিল। আৰু সেইবিলাকৰ প্ৰত্যেক জোপাৰ ডালৰপৰা আকৌ ন-কৈ শিপা ওলাইছিল। শুনা আছে যে, তাৰ তলত সাত হেজাৰ মানুহে বিশ্ৰাম কৰিবলৈ প্ৰচুৰ ঠাই পাইছিল। হাইঠা, পৰ্ঘুমা ইত্যাদি অসংখ্য চৰাই আৰু বাদুলিয়ে তাত অকল জিৰাইছিল এনে নহয় তাৰ গুটি খাই ডাঙ্গৰ লোক সকলোৱে বহু-ধন ভগা ষড়ৰস ভোজনৰ সমান, তৃপ্তি লভিছিল। এতিয়া সেই গছ বৰ্ত্তমান আছে নে নাই, কব নোৱাৰি।
⸻