পৃষ্ঠা:পাঠ-মালা.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । পৰা ৰস আকৰ্ষণ কৰিব; কিন্তু তথাপি প্রথম বিধ মিঠা, আৰু দ্বিতীয় বিধ তিতা হব। কোনো বিধ গছৰ গুটিৰপৰা কোনো বিধৰ ডালৰ পৰা বংশ-বৃদ্ধি হয়, কোনো বিধৰ আকৌ পাত আৰু ফুলৰপৰাও পুলি গজে। “দুপৰীয়া টেঙ্গা” নামেৰে যে এবিধ টেঙ্গা পাতেৰে ক্ষুদ্ৰ গছ আছে, তাৰ পাত মাটিত পৰি থাকিলে তাৰ চাৰিও দাঁতিৰপৰা পুলি ওলায় ; আৰু ফুলৰপৰা যে গছ গজে, নাৰ্জী-ফুল তাৰ প্ৰমাণ ৷ যেনেকৈ গৰ্ভত স্থিতি ললেই লৰাক আহাৰ লাগে তেনেকৈ বৃক্ষাদিৰ অঙ্কুৰকো উৎপন্ন হোৱা মাত্ৰকেই আহাৰ লাগে। গুটিৰ ভিতৰত ষি কণ থাকে, তাৰপৰা অঙ্কুৰ হয় ; কিন্তু পোনেই উৎপন্ন হৈয়েই সি মাটিৰপৰা ৰস টানি আহাৰ কৰিব নোৱাৰে ; এই কাৰণে সি সেই শক্তি নেপায় মানে গুটিৰ ভিতৰৰ শাহটোৰ দ্বাৰা প্রতিপালিত হয়, সেয়ে তাৰ আহাৰ ; এতেকে গুটিৰপৰা গাজ ওলালেই শাহটোৱে চেনিৰ গুণ পাইতাৰ আহাৰৰ উপযুক্ত হয় ; কিন্তু সি অধিক দিন সেই আহাৰত নিৰ্ভৰ নকৰে, অলপতে তাৰ শিপা মাটিত সোমাই ৰস টানিবলৈ ধৰে আৰু তাৰ দ্বাৰা সি বাঢ়ি যায়। ২ পাঠ। বট-গছ ( The Indian fig tree. ) এই সুন্দৰ গছ ভাৰতৰ অনেক ঠাইত পোৱা যায়। তাৰ সাৰ নাই আৰু কাঠে৷ অকাঠী ; কিন্তু তাৰ ডালবিলাক বৰ ওখ হয়, আৰু বিস্তৰ দূৰ জোৰে৷ অন্যান্য গহৰ দৰে বুঢ়া হলেও এই গছৰ ক্ষয় নাই, বৰং সি ক্ৰমে বৃদ্ধি হে পায় ; এতেকে